ধেমাজি জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান

ধেমাজি জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান

ডিজিটেল সংবাদ,ধেমাজি : সদৌ ধেমাজি জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ৰ শিশু শিক্ষা আৰু উৎকৰ্ষ সাধন কেন্দ্ৰত অভিনন্দন অনুষ্ঠান। ২০২৩ শিক্ষাবৰ্ষত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ- ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে শনিবাৰে “বিশেষ অভিনন্দন অনুষ্ঠান” অনুষ্ঠিত হয় ৷

অনুষ্ঠানৰ আৰম্ভণিতে পুৱা ১১ বজাত ড° ভীমৰাও আম্বেদকাৰ আৰু ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন অনুষ্ঠান অনুষ্ঠিত হয়। মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে সদৌ ধেমাজি জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উপদেষ্টা ডাঃ শান্তিৰাম দাস আৰু জ্ঞানপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বৈকুণ্ঠ দাসে ৷

উপস্থিত ৰাইজৰ দ্বাৰা জাতীয় সংগীত পৰিবেশনৰ পিছতেই দুপৰীয়া ১২ বজাত উপদেষ্টা ডাঃ শান্তিৰাম দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ যুটীয়াভাৱে আদৰণি ভাষণ দিয়ে সন্থাৰ সাধাৰণ সম্পাদক দেৱ কুমাৰ দাস আৰু ভাৰপ্ৰাপ্ত সাধাৰণ দীপক দাসে ৷ অনুষ্ঠানত জিলাখনৰ ২৬ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক গ্ৰন্থ টোপোলা ,সম্বৰ্ধনা পত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কৃতি ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস ,সম্পাদক জয়ন্ত বৰগোহাঁই , বিশিষ্ট সাংস্কৃতিক কৰ্মী নীপ কোৱঁৰ , জ্ঞানপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বৈকুণ্ঠ দাস,ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা,ধেমাজি জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক জীৱন কোৱঁৰ , ৰূপজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ যাদক দাস ,ৰেচম বিভাগৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সহায়ক হৰেন বৰা ,জাতি পৰিষদৰ ধেমাজি সমিতিৰ সভাপতি ৰঞ্জিত দাস আৰু মুকুন্দ দাসে ৷ ইয়াৰ প্ৰাক মূহুৰ্তত অতিথিসকলক শৰাই,গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷

ধেমাজি জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান
বিশ্বাসঘাটক প্ৰিগোজিন ! ৰাছিয়াক আক্ৰমণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in