সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীৰ সামৰণি...

দুই শিক্ষকক সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীৰ সামৰণি...

সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীৰ সামৰণি...

ডিজিটেল সংবাদ চিলাপথাৰঃ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ চিলা পথাৰ আঞ্চলিকৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীৰ আজি সফল সামৰণি পৰিল। চিলাপথাৰ জনজাতি হাইস্কুলত অনুষ্ঠিত নৱম আৰু দশম শ্ৰেণীৰ পাঠদান কাৰ্যসূচীৰ আজি সামৰণি অনুষ্ঠানত সঞ্চালনা কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জানটো সোণোৱালে।

Advertisment

সম্পাদক বিপুল সোণোৱালে উদেশ্য বাখ্যা কৰা সভাখনত ১৫ দিনীয়া পাঠদান কাৰ্যসূচীত পাঠদান কৰি সেৱা আগবঢ়োৱা অৰুণোদইৰ জনজাতি মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰণৱজ্যোতি টাহু আৰু চিলাপথাৰ জাতীয় বিদ্যালয়ৰ উপাধ্যক্ষ মনোজ সোঁণোৱালক সম্বৰ্ধনা জনায়।

সভাত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ সভাপতি মৃদুপবন সোণোৱাল, সম্পাদক দুলেন সোণোৱাল,বিশিষ্ট সাংবাদিক তুলন সোণোৱাল, ডিমৌ জুনিয়ৰ কলেজৰ প্ৰবক্তা লক্ষীন্দ্ৰ সোণোৱাল জ্যেষ্ঠ সাংবাদিক তথা চিলাপথাৰৱ পদ্ম সৰস্বতী বিদ্যা মন্দিৰৰ সঞ্চালক জোনটি সোণোৱাল,সমাজ সেৱক হোমেন সোণোৱাল, সংগঠনটোৰ জিলা কাৰ্যনিৰ্বাহক আনন্দ সোণোৱাল,কৰ্মী ভাস্কৰ সোণোৱাল আদি কেইবাজনকো ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।

অভ্যগতসকলে ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰীসকলক উদেশ্যে বহু গঠনমূলক পৰামৰ্শ প্ৰদান কৰে। সভাত কেইবাজনো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে বক্তব্য প্ৰদান কৰে।

Also Read: ৰঙিয়া ৰে'লৱে জংচনত পিষ্টল, গুলীসহ এজনক গ্ৰেপ্তাৰ...

চিলাপথাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থা