ৰঙিয়া ৰে'লৱে জংচনত পিষ্টল, গুলীসহ এজনক গ্ৰেপ্তাৰ...

বিহাৰৰ পৰা আহিছিল ধৃত অস্ত্ৰসৰবৰাহীজন

author-image
Asomiya Pratidin
New Update
ৰঙিয়া ৰে'লৱে জংচনত পিষ্টল, গুলীসহ এজনক গ্ৰেপ্তাৰ...

ৰঙিয়া ৰে'লৱে জংচনত পিষ্টল, গুলীসহ এজনক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ ৰঙিয়াঃ ৰঙিয়া জংচনত জি আৰপিয়ে অবৈধ অস্ত্ৰ-শস্ত্ৰসহ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত লোকগৰাকী বিহাৰৰ কাটিগড়াৰ নুৰ আলম (২৮) বুলি আৰক্ষী সূত্ৰই জনায়।

ঘটনাৰ বিৱৰণী অনুসৰি মঙ্গলবাৰে নিশা ১০:৪৫ বজাত ৰঙিয়া ৰে'ল জংচনৰ ১ নং প্লেটফৰ্মত ৰে'ল আৰক্ষীৰ এটা দলে নিয়মীয়া তালাচী চলাইছিল। তালাচী চলোৱাৰ সময়ত জি আৰ পি এফৰ অভিযানত নুৰ আলমক অবৈধ অস্ত্ৰ-শস্ত্ৰৰে হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে আৰক্ষীৰ দলটোৱে চলোৱা অভিযানত ধৃত নুৰৰ পৰা দুটা পিষ্টল, ১৩ জাঁই সক্ৰিয় গুলীসহ চোকা অস্ত্ৰৰ সৈতে এটা মোবাইল ফোনো জব্দ কৰে। জানিব পৰা মতে ধৃত নুৰ আলম ৰঙিয়ালৈ সোমবাৰেই আহিছিল। মঙ্গলবাৰে নিশা ৰঙিয়াৰ পৰা বিহাৰৰ কাটিগড়ালৈ ৰাওনা হ'বলৈ চেষ্টা কৰাৰ সময়তে তেওঁক গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পিছত তেওঁক সোধ-পোছৰ অন্তত আজি কাৰাগাৰলৈ প্ৰেৰণ কৰে।

Also Read: কাজিৰঙাত ভূমিৰ অধিকাৰ বিচৰা থলুৱাৰ ওপৰত আৰক্ষীৰ বৰ্বৰ লাঠিচালনা...

ৰঙিয়া অবৈধ অস্ত্ৰ