/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/db97d57b-caef-4fdf-816a-39c164002b21/a60b109b_5898_4631_89b9_4f62d5839bc2.jpg)
ডিজিটেল সংবাদ,ধেমাজি : কেইবাদিন ধৰি দুৰাৰোগ্য ৰোগত ভুগি থকা ধেমাজি জিলা মাছখোৱাৰ কেছেৰুগুৰি গাঁৱৰ কনমানি কন্যা বাৰ্বি গগৈৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াইছে এগৰাকী সমাজকৰ্মীয়ে। তেঁও হৈছে চিচিবৰগাঁৱৰ উদীয়মান সমাজকৰ্মী নন্দিগিৰি ভূঞা।
আন দুখৰ সমভাগী হোৱা নন্দিগিৰিয়ে কনমানিগৰাকীৰ পিতৃ প্ৰনৱ কুমাৰ গগৈ আৰু মাতৃ অঞ্জুমনি বৰা গগৈৰ হাতত ৫০হাজাৰ টকা সহায় হিচাপে আগবঢ়ায়। নন্দিগিৰি ভূঞাৰ এনে মহানুভৱতাৰ বাবে অঞ্চলবাসী ৰাইজে কৃতজ্ঞতা জনায় ৷
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কেইদিনমানৰ পূৰ্বে সামাজিক মাধ্যমত কনমানি বাৰ্বিৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত এটি পোষ্টত ৰাজহুৱা কৰা হৈছিল। এই খবৰ লাভ কৰিয়েই সমাজকৰ্মী ভূঞাই তাতালিকে বাৰ্বি ভূঞাৰ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লয় আৰু নগদ ৫০হাজাৰ টকা সহায় হিচাপে আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d12ec8ea-4d3c-4e63-a03b-4aa088acf595/a784397a-a4d3-44f2-a5f6-2d3e59ba3255.jpg)
নন্দিগিৰি ভূঞই চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়োৱাত পৰিয়ালটিয়েও সন্তুোষ প্ৰকাশ কৰে ৷ যি সময়ত শিশুটিয়ে উমলি-জামলি পখিলা খেদি পাৰ কৰিব লাগিছিল, তেনে সময়তে বাৰ্বিয়ে এনে যন্ত্ৰণাকাতৰ জীৱন কটাবলগীয়া হৈছে। এই খবৰে স্বাভাৱিকতে অঞ্চলবাসীক চিন্তিত কৰি তুলিছে ৷
ইফালে নিজ কন্যাক আৰ্থিক সংকটৰ মাজতে পিতৃ-মাতৃয়ে গুৱাহাটী আৰু ডিব্ৰুগড়ত বহুবাৰ চিকিৎসা কৰাইছিল যদিও কোনো সুফল নাপালে বুলি মন্তব্য কৰে। লগতে বাৰ্বিক লৈ ডিব্ৰুগড়ৰ চিকিৎসকসকলে হেতালি খেলা বুলিও গুৰুতৰ অভিযোগ তোলে।
ইয়াৰোপৰি বাৰ্বিৰ পিতৃ-মাতৃয়ে কয় যে কোনো সদাশয় লোকে যদি সহায় কৰিব বিচাৰে তেন্তে প্ৰনৱ কুমাৰ গগৈ একাউণ্ট নম্বৰ ২২১৩২৩৭৩২৪২ আই .এফ. এচ. চি ক'ড IDIB000M04 যোগে সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে ৷
Also Read: দৰ্শকৰ মাজলৈ আহিব ককাদেউতা নাতি আৰু হাতী-২
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us