চিচিবৰগাঁও গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নতুন হিতাধিকাৰীৰ তালিকা...

বিশেষ গাওঁ সভা সম্পন্ন

author-image
Asomiya Pratidin
New Update
চিচিবৰগাঁও গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নতুন  হিতাধিকাৰীৰ তালিকা...

চিচিবৰগাঁও গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নতুন হিতাধিকাৰীৰ তালিকা...

ডিজিটেল সংবাদ চিচিবৰগাওঁঃ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ গৃহনিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰীৰ আবাস যোজনা গ্ৰাম্য অধীনত চিচিবৰগাঁও পঞ্চায়তৰ অধীনত নতুনকৈ ৮১৮ গৰাকী হিতাধিকাৰীৰ এখন তালিকা প্ৰকাশ পাইছে। এই হিতাধিকাৰীসকলৰ নাম পঞ্জীয়নৰ কাম আৰম্ভ হৈছে ।

Advertisment

নতুনকৈ প্ৰকাশ পোৱা তালিকাখন গাঁওসভাৰ দ্বাৰা অনুমোদন কৰাৰ উদ্দেশ্যে চিচিবৰগাঁও গাঁও পঞ্চায়তৰ সভাগৃহত এখন বিশেষ গাঁওসভা অনুষ্ঠিত কৰা হয় । সমাজকৰ্মী কৰিশ্মা চুতীয়াই সভাপতিত্ব কৰা আৰু পঞ্চায়তখনৰ সচিব শ্যামন্ত চেতিয়াই আঁত ধৰা সভাখনত সদ্য ভংগ হোৱা পঞ্চায়তৰ সকলো নিৰ্বাচিত প্ৰতিনিধি, সাংসদ প্ৰদান বৰুৱাৰ প্ৰতিনিধি হিচাপে প্ৰাক্তন গাঁও পঞ্চায়ত সভাপতি তথা বিজেপি দলৰ মণ্ডল সভাপতি ভূপেন চুতীয়া, প্রাক্তন সভাপতি গিৰিন চুতীয়া, প্ৰাক্তন জিলা পৰিষদ সদস্য বাবুল চুতীয়া, আঞ্চলিক পঞ্চায়ত সদস্যা ৰাণীমা গগৈ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্ত্ৰা বাবুল দত্তকে ধৰি তিনি শতাধিক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে।

সভাত উপস্থিত বিভিন্নজনৰ ওজৰ-আপত্তিসমূহ গ্ৰহণ কৰাৰ অন্তত সৰ্বসন্মতিক্ৰমে নতুন ৮১৮ জনীয়া হিতাধিকাৰীৰ তালিকাখন অনুমোদন জনোৱা হয় ।

Also Read: বৰভগীয়াৰ অগৌৰা(AGOURA) ৰিজৰ্টৰ সভাগৃহ মুকলি...

চিচিবৰগাঁও