বৰভগীয়াৰ অগৌৰা(AGOURA) ৰিজৰ্টৰ সভাগৃহ মুকলি...

বৰভগীয়াৰ অগৌৰা(AGOURA) ৰিজৰ্টৰ সভাগৃহ মুকলি...

author-image
Asomiya Pratidin
New Update
বৰভগীয়াৰ অগৌৰা(AGOURA) ৰিজৰ্টৰ সভাগৃহ মুকলি...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "চৰকাৰী খণ্ডৰ লগতে ব্যক্তিগত খণ্ডৰ সেৱা সমূহ যেনে হস্পিতালত, হোটেল আদিৰ উন্নয়নৰ বাবে সৰ্বসাধাৰণ ৰাইজৰ সুবিধা হৈছে। সৰ্বস্তৰৰ উন্নয়নে সমাজক আগুৱাই নিব। আমি চৰকাৰী আৰু বেচৰকাৰী সকলো খণ্ডকে সমান্তৰালকৈ আগুৱাই নিব লাগিব। এই সেৱা সমূহত আমাৰ নতুন প্ৰজন্মৰ যুৱক যুৱতী সকল সংস্থাপিত হৈছে। ই শুভ লক্ষণ।" এই মন্তব্য মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ।

Advertisment

নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্তানী পথৰ বৰভগীয়াত থকা অগৌৰা ৰিজৰ্টৰ সভাগৃহ(conference hall) মুকলি কৰি তেওঁ যোৱা নিশা এই ভাষন প্ৰদান কৰে। ছিমচ মাল্টি স্পেচিয়েলিটি হস্পিতালৰ স্বতাধিকাৰী, বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডা০ অজিত গোস্বামীৰ প্ৰযোজনাত মৰিগাঁও টাউনৰ পৰা ৮ কিলমিটাৰ নিলগত বৰভগীয়া গাঁৱৰ মুকলি পথাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নৈসৰ্গিক পৰিবেশত থকা অগৌৰা(AGOURA) ৰিজৰ্ট খন নগাঁও মৰিগাঁও জিলাৰ সকলোৰে পৰিচিত। ৰাইজৰ সুবিধাৰ্থে এই ৰিজৰ্টতে আটকধুনীয়া আধুনিক তথ্য প্ৰযুক্তি সম্বলিত এটি সভাগৃহ(conference hall) নিৰ্মাণ কৰি ৰাইজৰ বাবে শুক্ৰবাৰে নিশা মুকলি কৰা হয়।

সাংবাদিক দিব্যজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানত আয়তীৰ উৰুলি আৰু হাতচাপৰি মাজেৰে আয়ুক্ত দেৱাশীষ শৰ্মাই ফিটা কাটি সভাগৃহটি মুকলি কৰে। ইফালে সভাগৃহ মুকলি অনুষ্ঠানৰ পাছতে ছিমচ মাল্টি স্পেচিয়েলিটি হস্পিতালৰ উদ্যোগত এখনি চি এম ই (CME: Continuing Medical Education) অনুষ্ঠিত হয়। উক্ত চি এম ইত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ু বিশেষজ্ঞ (neurology) ডা০ মৰমী দাসে ইকেমিক ষ্টকৰ চিকিৎসা ব্যৱস্থা (Management of ischemic stroke) আৰু তেজপুৰ চিিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ প্ৰবক্তা ডা০ দ্বিজেন দাসে ডাইজেনিছ আৰু বাওঁ নিলয়ৰ বিকলতাৰ ব্যৱস্থাপনা (Diogenes and management of left ventricular failure) বিষয়ৰ বিশ্লেষণ কৰে।

নগাঁও চিকিৎসা মহাবিদ্যালয় অধ্যক্ষ ডা০ মিহিৰ গোস্বামীয়ে সঞ্চালক আৰু জেষ্ঠ চিকিৎসক ডা০ নৰেন্দ্ৰ নাথ ডেকাই সহ সঞ্চালকৰ ভূমিকা পালন কৰা চি এম ইৰ শেষত ডা০ অজিৎ গোস্বামীয়ে মৰিগাঁও জিলাৰ পিছপৰা অঞ্চলৰ এখন গাঁৱত গঢ় লৈ উঠা অগৌৰা ৰিজৰ্টৰ সভাগৃহত উপস্থিত হৈ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলা সকলো বিশিষ্ট চিকিৎসক আৰু ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে।

অনুষ্ঠানটিত সমাজকৰ্মী জোনালী গোস্বামীয়ে উপস্থিত অতিথি সকলক গামোছাৰে সম্বৰ্ধনা জনাই। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত নগাঁও জিলাৰ প্ৰাক্তন যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা০ অতুল পাটৰ, ডা০ তপন শইকীয়া, ডা০ জয়া বৰো, ডা০ লক্ষী দাস, ডা০ প্ৰবীৰ বৰুৱা, ডা০ বি এম আৰ খাদৰিয়া কে আদি কৰি অৰ্ধ শতাধিক চিকিৎসক, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ, স্থানীয় ৰাইজ সহ শতাধিক লোক উপস্থিত থাকে। সৰস্বতী বন্দনাৰে শুভাৰম্ভ কৰা অনুষ্ঠানটি নিশা ১০ বজাত সামৰণি পৰে।

AGOURA