চিচিবৰগাঁও মহাবিদ্যালয়লৈ নাকৰ বি++ গ্ৰেড...

চিচিবৰগাঁও মহাবিদ্যালয়লৈ নাকৰ বি++ গ্ৰেড...

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলাৰ এক অগ্ৰনী উচ্চ শিক্ষানুষ্ঠান চিচিবৰগাঁও মহাবিদ্যালয়ে নাকৰ মূল্যায়নত লাভ কৰিছে বি++ গ্ৰেড। বিগত ১০ আৰু ১১ এপ্ৰিলত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যাপন (নাক)পৰিষদৰ প্ৰতিনিধিৰ দলে সম্পন্ন কৰা দুদিনীয়া পৰিদৰ্শন কাৰ্যৰ পিছতে সদ্যঘোষিত ফলাফলত মহাবিদ্যালয়খনে লাভ কৰে এই সন্তোষজনক ফলাফল।

নাকৰ পৰিদৰ্শনকাৰী দলটোত আছিল বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ পি কে শ্ৰীবাস্তব (অধ্যক্ষ), মহিশুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ শিৱ চিত্তাপা কে (সমন্বয়ক) আৰু চেণ্ট চলজাৰ কলেজ অৱ এডুকেচনৰ অধ্যাপিকা ডঃ অলকা গুপ্তা (সদস্যা)। তিনিজনীয়া পৰিদৰ্শনকাৰী দলটোৱে মহাবিদ্যালয়খনৰ আন্তঃগাঁঠনি, শৈক্ষিক পৰিৱেশ, গৱেষণা, শিক্ষক-শিক্ষাৰ্থী আৰু অভিভাৱক-ৰাইজৰ মাজত আন্তঃসম্পৰ্ক আদি বিভিন্ন দিশ চালি জাৰি চাই সন্তোষ্টি প্ৰকাশ কৰে।

মহাবিদ্যালয়খনৰ এই প্ৰত্যাশিত ফলাফল প্ৰাপ্তিত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ। ইয়াৰ বাবে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ভাস্কৰ চুতীয়াই মহাবিদ্যালয়ৰ সকলো শিক্ষক কৰ্মচাৰী, মহাবিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ কৰ্মকৰ্তাৰ লগতে সকলো অভিভাৱক ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

চিচিবৰগাঁও মহাবিদ্যালয়লৈ নাকৰ বি++ গ্ৰেড...
চৰাইদেউ মাইবেলা কৃষিপামৰ ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in