চৰাইদেউ মাইবেলা কৃষিপামৰ ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন...

চৰাইদেউ জিলাৰ মাইবেলা কৃষি পাম সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত ১০১ নং গ্ৰান্ট মাইবেলাবাসী ৰাইজৰ সহযোগত ৰঙালী বিহু সন্মিলন...

author-image
Asomiya Pratidin
New Update
চৰাইদেউ মাইবেলা কৃষিপামৰ ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন...

ডিজিটেল সংবাদ, চৰাইদেউঃ অহা ৬ আৰু ৭ মে’ত চৰাইদেউ জিলাৰ মাইবেলা কৃষি পাম সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত ১০১ নং গ্ৰান্ট মাইবেলাবাসী ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে  অনুষ্ঠিত হ’বলগীয়া ৰঙালী বিহু সন্মিলনৰ দেওবাৰে লাইখুঁটা স্থাপন কৰা হয়। এই উপলক্ষে মাইবেলা কৃষি পাম সাংস্কৃতিক কেন্দ্ৰৰ প্ৰাংগণত স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তি তথা ভকত- বৈষ্ণৱৰ উপস্থিতি মাঙ্গলিক কাৰ্যসূচীৰ মাজৰে অনুষ্ঠানিকভাৱে বিহুৰ লাইখুঁটা স্থাপন কৰে৷

Advertisment

উদযাপন সমিতিৰ সভাপতি প্ৰদীপ বুঢ়াগোহাঁইয়ে জানিবলৈ দিয়া মতে, সন্মিলনীৰ প্ৰথম দিনা অৰ্থাৎ ৬ মে'ত পুৱা বিহুৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণৰ পিচতেই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব ৷ কণী যুঁজ প্ৰতিযোগিতাৰ পিছতেই  দুপৰীয়া মৌ-কুঁৱৰী ঢোল, পেঁপা, গগণাবাদন প্ৰদৰ্শন কৰা হ'ব ৷ দ্বিতীয় দিনা বিহু সন্মিলনৰ সৈতে সংগতি ৰাখি চিত্ৰাংকন, বিহুৱান, পিঠাপনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷

আনহাতে সন্ধিয়ালৈ আমন্ত্ৰিত হুঁচৰি আৰু জেংবিহু দলে বিহু প্ৰদৰ্শন কৰিব ৷ আৰু নিশালৈ আমন্ত্ৰিত শিল্পী দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ উক্ত দুয়োদিনৰ কাৰ্যসূচীত উদযাপন সমিতিয়ে ৰাইজৰ সহযোগিতা আৰু দিহা পৰামৰ্শ কামনা কৰিছে।

Also Read: লামডিঙত ১৬ টা জুৱাৰীক আটক...

charaideo bihu