ৰাষ্ট্ৰীয় জুডোত জিলিকিল চিচিবৰগাঁৱৰ সন্তান জ্যোতিলতাঃ ৰূপৰ পদক লাভ

ৰাষ্ট্ৰীয় জুডোত জিলিকিল চিচিবৰগাঁৱৰ সন্তান জ্যোতিলতাঃ ৰূপৰ পদক লাভ

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় জুডোত জিলিকিল চিচিবৰগাঁৱৰ সন্তান জ্যোতিলতাঃ ৰূপৰ পদক লাভ

ডিজিটেল সংবাদ, চিলাপথাৰ: ধেমাজি জিলাৰ চিচিবৰগাঁও বিধানসভা সমষ্টিৰ শ্ৰীপানিৰ প্ৰতিভাৱান ছাত্ৰী জ্যোতিলতা দেউৰীয়ে খেলো ইণ্ডিয়া ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ সমৰকলাত (জুডো) ৰূপৰ পদক লাভ কৰা বিষয়টোৱে ৰাইজক উৎফুল্লিত কৰি তুলিছে।

২৫ ছেপ্টেম্বৰত কেৰালাত অনুষ্ঠিত খেলো ইণ্ডিয়াত জ্যোতিলতাই সমৰকলা জুডো'ৰ ৪৮ কেজি শাখাত অসমক প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক অৰ্জন কৰি পুৰস্কৃত হোৱাৰ লগতে বিচাৰকৰ দৃষ্টি আকৰ্ষণ কৰে।

উল্লেখ্য যে, প্ৰতিভাৱান খেলুৱৈ জ্যোতিলতা দেউৰী হ'ল শ্ৰীপানি দেউৰী গাঁৱৰ নিবাসী লক্ষীচন্দ্ৰ দেউৰী আৰু ললিতা দেউৰীৰ কন্যা তথা চিচিবৰগাঁও জ্যেষ্ঠ বিজ্ঞান মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী।

প্ৰশিক্ষক জয়শ্ৰী হাজৰিকা দেউৰীৰ প্ৰতিভাৱান প্ৰশিক্ষাৰ্থী জ্যোতিলতাৰ এই সাফল্যই আনন্দিত কৰি তুলিছে অঞ্চলবাসীক। ধেমাজি জুডো এচ'ছিয়েচনৰ প্ৰশিক্ষাৰ্থী গৰাকীৰ সাফল্যত আনন্দিত ৰাইজে খেলুৱৈ গৰাকীৰ উজ্বল ভৱিষ্যত কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰিলে।

Also Read: কনক্লেভ-২০২৪: দিল্লীত মত বিনিময় প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীৰ

Jyotilata sisibargaon Jyotilata