এতিয়াও সন্ধান নাই চিমেন নদীত সন্ধানহীন আজিতেশৰ...

ডিব্ৰুগড় জ্ঞান বিজ্ঞান বিদ্যালয়ৰ বাণিজ্য শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰগৰাকীৰ সন্ধানত চলি আছে উদ্ধাৰ অভিযান

author-image
Asomiya Pratidin
New Update
এতিয়াও সন্ধান নাই চিমেন নদীত সন্ধানহীন আজিতেশৰ...

এতিয়াও সন্ধান নাই চিমেন নদীত সন্ধানহীন আজিতেশৰ...

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলাৰ চিমেন নদীত ফুৰিবলৈ আহি নিখোজ হোৱা ১৬ বছৰীয়া কিশোৰ আজিতেশ হাজৰিকাৰ এই পৰ্যন্ত সন্ধান ওলোৱা নাই। আজি পুৱাৰে পৰা আৰক্ষীৰ ডুবাৰু বাহিনীয়ে দুখন নাঁৱৰে অব্যাহত ৰাখিছে যুৱক জনৰ অনুসন্ধান।

Advertisment

ইফালে নৈৰ পাৰত বহী এই সমগ্ৰ উদ্ধাৰ কাৰ্য প্ৰত্যক্ষ কৰি কেৱল অসহায়ভাৱে হুমুনিয়াহ কাঢ়িছে নিখোজ কিশোৰজনৰ আত্মীয় স্বজনে। উল্লেখ্য যে, গ্ৰীষ্মবন্ধৰ বাবে শুকুৰবাৰে ডিব্ৰুগড়ৰ পৰা ৭ জন সহপাঠীৰ সৈতে ফুৰিবলৈ বুলি চিমেন নদীলৈ আহিছিল ছাত্ৰ জন।

চিমেন নদীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ নদীৰ পাৰত উপস্থিত হৈ মোবাইলৰে ছেলফী লৈ থকা অৱস্থাতে হঠাৎ আজিতেশ পিছলি গৈ নদীত পৰে। লগে লগে চিমেন নদীৰ তীব্ৰ বেগী সোঁতে চকুৰ পচাৰতে উটুৱাই লৈ যায় কিশোৰজনক।

পিছত আৰক্ষীক খবৰ কৰাত ঘটনাস্থলীত উপস্থিত হৈ এছ ডি আৰ এফ বাহিনীয়ে অব্যাহত ৰাখিছে অনুসন্ধান। ভৰ বাৰিষাৰ ভৰুন চিমেন নদীৰ সাম্ভাব্য বিভিন্ন স্থানত উদ্ধাৰকাৰীয়ে অত্যাধুনিক নাৱৰে অনুসন্ধান চলাই আছে যদিও এই পৰ্যন্ত কোনো শুং সূত্ৰ লাভ কৰা নাই। উল্লেখ্য যে, আজিতেশ ডিব্ৰুগড় জ্ঞান বিজ্ঞান বিদ্যালয়ৰ বাণিজ্য শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰ।

Also Read: সামাজিক মাধ্যমত সংগীত শিল্পী লাকী আলীৰ বিস্ফোৰক মন্তব্য

চিমেন নদী