চিলাপথাৰৰ ২ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠানৰ ৰূপালী জয়ন্তী সমাৰোহ

চিলাপথাৰৰ ২ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠানৰ ৰূপালী জয়ন্তী সমাৰোহ

ডিজিটেল সংবাদ, চিলাপথাৰঃ শনিবাৰৰ পৰা আৰম্ভ হ'ল চিলাপথাৰৰ অঞ্চলৰ ২ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান চিলাপথাৰ টাউন কলেজ আৰু টাউন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ। দুদিনীয়াকৈ আয়োজিত শিক্ষানুষ্ঠান ২খনৰ গৌৰৱোজ্জল ৰূপালী জয়ন্তী‌ সমাৰোহৰ প্ৰথমটো দিনৰ কাৰ্যসুচী অনুসৰি পুৱা গছৰ পুলি ৰোপনৰ পিছতে উত্তোলন কৰা হয় পতাকা।

প্ৰতিষ্ঠাৰ বৰ্ষই ২৫ টাকৈ বছৰ স্পৰ্শ কৰাৰ উপলক্ষত ২৫ খনকৈ পতাকা উত্তোলৰ কৰা হয়। উত্তোলক হিচাপে উপস্থিত থাকে জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগুৰ লগতে অনুষ্ঠান দুখনৰ প্ৰতিষ্ঠা লগ্নৰ পৰা জৰিত বহু বিশিষ্ট সমাজ কৰ্মী,শিক্ষাবিদ, জনপ্ৰতিনিধি আৰু অভিভাৱক।

এক উখাল মাখল পৰিৱেশৰ মাজত আৰম্ভ হোৱা সমাৰোহৰ উপলক্ষত সম্বৰ্ধনা জনোৱা হ'ল অনুষ্ঠান দুখনৰ শোভাকাংক্ষী,বৰেন্য সমাজ সেৱকৰ লগতে কেইবাজনো ভূ দাতাক। অনুষ্ঠিত হ'ল দুখনকৈ মনোজ্ঞ আলোচনা চক্ৰ। সমাৰোহ যাউতিযোগীয়া কৰি অনুষ্ঠান দুখনৰ প্ৰাংগনত স্থাপিত কৰা প্ৰতিষ্ঠাপক সভাপতি শংখ নাথ দলে আৰু প্রতিষ্ঠাপক অধ্যক্ষ ড: শিৱনাথ পেগুৰ আবক্ষ প্ৰতিমূৰ্তি। একালত অধ্যয়ন কৰি যোৱা বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে উখল মাখল কৰি তোলে পৰিৱেশ।

চিলাপথাৰৰ ২ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠানৰ ৰূপালী জয়ন্তী সমাৰোহ
মথুৰাপুৰত শংকৰদেৱ শিশু নিকেতনত বালক সন্মিলন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in