চিলাপথাৰ নগৰ মহাবিদ্যালয় আৰু নগৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি

চিলাপথাৰ নগৰ মহাবিদ্যালয় আৰু নগৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি

ডিজিটেল সংবাদ, চিলাপথাৰঃ দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আয়োজিত চিলাপথাৰ নগৰ মহাবিদ্যালয় আৰু নগৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী যৌথ সমাৰোহখনৰ দেওবাৰে সামৰণি পৰে। ১৯৯৩ চনত প্ৰতিষ্ঠা লাভ কৰা অনুষ্ঠানখনৰ গৌৰৱোজ্বল ৰূপালী জয়ন্তী সমাৰোহৰ অন্তিম দিনটোত মহাবিদ্যালয় পৰিয়ালে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই। বিভিন্ন জাতি জনগোষ্ঠীৰ দুকুৰি সাংস্কৃতিক দলে ভাগ লয় এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত।

দেওবাৰে দুপৰীয়া আয়োজক সমিতিৰ সভাপতি তথা বিধায়ক ভূৱন পেগুৰ সঞ্চালনাত এক মুকলি সভা অনুষ্ঠিত হয়। সভাৰ উদ্বোধন কৰে স্থানীয় সাংসদ প্ৰদান বৰুৱাই। মুকলি সভাখনত বহু বৰেন্য শিক্ষাবিদ, সমাজকৰ্মী, ভূমি দাতা পৰিয়ালৰ সদস্য আৰু শুভাকাংক্ষীয়ে অতিথি হিচাপে উপস্থিত থাকি সভাৰ শোভাৱৰ্ধন কৰে।

এই সভাতে অঞ্চলটোৰ মানৱ সম্পদ গঢ় দিয়াত নিৰন্তৰ প্ৰচেষ্টা চলাই অহা অনুষ্ঠান দুখনৰ সমাৰোহ যুগমীয়া কৰি ৰাখিবলৈ প্ৰকাশ কৰা এক বৃহৎ কলেবৰৰ স্মৃতি গ্ৰন্থ 'ৰূপজ্যোতি' উন্মোচন কৰা হয়।

চিলাপথাৰ নগৰ মহাবিদ্যালয় আৰু নগৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি
নিৰ্বাচনৰ পূৰ্বে কেদাৰনাথ মন্দিৰ দৰ্শন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in