/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/361f6174-7bcf-419b-aaf9-144de3d31b1c/16.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ চৰকাৰে গাঁৱৰ সুপ্ত ক্ৰীড়া প্ৰতিভা উৎসাহিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰিছে খেল মহাৰণ ২০২৩-২৪। ইয়াৰ লগতে সংগতি ৰাখি দেওবাৰৰ পৰা দুদিনীয়াকৈ চিলাপথাৰ গাঁও পঞ্চায়তৰ চিলাগাও খেলপথাৰত আৰম্ভ হ'ল পঞ্চায়ত ভিত্তিক খেল প্ৰতিযোগিতা। চিলাপথাৰ গাওঁ পঞ্চায়তৰ সভাপতি অনুপ দাসে উদ্ধোধন কৰা প্ৰতিযোগীতাৰ উদেশ্য বাখ্যা কৰে সচিব ৰূপম চুতীয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/e031c12b-1175-4ac1-b8f5-f1b1df2cb73c/a54df1da_d684_4f1e_a130_0f4c3d1c71ca.jpg)
প্ৰাক্তন সেনা জোৱান তথা খেলুৱৈ দীপাংকৰ সোণোৱালে অলিম্পিক শিখা প্ৰজ্বলন আৰু খেলুৱৈসকলক শপত বাক্য পাঠ কৰোৱাৰ পিছতে অনুষ্ঠিত হ'ল ল'ৰা আৰু ছোৱালীৰ শাখাৰ ক্ৰমে ১০০, ২০০,৪০০ আৰু ৮০০ মিটাৰ দৌৰ আদি বিভিন্ন এথলেটিকচ প্ৰতিযোগিতা। বিয়লি কেইবাটাও দলৰ মাজত অনুষ্ঠিত হ'ল কাবাডী খেল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/f9548af1-9a1b-4cc0-87ca-ff38880cc014/6819bc95_7461_4c80_83a2_2bff11eacd45.jpg)
অন্তিম দিনা ল'ৰা আৰু ছোৱালীৰ শাখাৰ মাজত ফুটবল আৰু ভলীবল খেল প্ৰতিযোগীতা অনুষ্ঠিত হয়। কৰ্যসুচীত জ্যেষ্ঠ সমাজকৰ্মী পোৱাল সোণোৱাল, শিক্ষক জ্ঞানধৰ সোণোৱাল, ব্ৰজেন বাগলাৰী, ৱাৰ্ড সদস্য নিপন সোণোৱালৰ লগতে বিভাগৰ পৰ্যবেক্ষক হিচাপে তপন সুত্ৰধৰ, ধৰ্মৰঞ্জন নৰহ আৰু লোনামনি দলেৰ লগতে তিৰ্থেশ্বৰ বৰা, হৰিশমোহন পেগু, দিগন্ত সোনোৱাল, মানিক সোনোৱাল আদি বহু লোক উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/ceddbde5-acb2-4182-98b7-a7f9168b9f40/388c6e7a_bc05_4e01_88f6_e4c0e59d0399.jpg)
প্ৰতিযোগিতাত পঞ্চায়তখনৰ বিভিন্ন গাঁওৰ পৰা বহু সংখ্যক প্রতিযোগীয়ে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত বিজয়ীসকলে পৰৱৰ্তী সময়ত উন্নয়ন খণ্ডৰ পৰ্যায়ত অনুষ্ঠিত হ'ব লগা খেলত ভাগ ল'ব পাৰিব।
Also Read: লামডিং কালিবাৰী অঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড