চিলাপথাৰত অনুষ্ঠিত ৪দিনীয়া গীতা বাখ্যানুষ্ঠানৰ সামৰণি

চিলাপথাৰত অনুষ্ঠিত ৪দিনীয়া গীতা বাখ্যানুষ্ঠানৰ সামৰণি

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত অনুষ্ঠিত ৪দিনীয়া গীতা বাখ্যানুষ্ঠানৰ সামৰণি

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ জোনাকী নগৰ পঞ্চৰত্ন নামঘৰত যোৱা ১০ নৱেম্বৰৰ পৰা অনুষ্ঠিত কৰা ৪দিনীয়া শ্ৰীমদভাগৱত গীতা বাখ্যানুষ্ঠানৰ মঙ্গলবাৰে পুৱতি নিশা সফল সামৰণি পৰে।

Advertisment

সমাজত ক্ৰমবৰ্ধমান উশৃংখলতা, অপৰাধ প্ৰৱণতা ৰোধ কৰি গীতাৰ আধ্যাত্মিক জ্ঞানৰ যোগেদি এখন সুস্থ সমাজ গঢ়াৰ লক্ষ্যৰে জোনাকী নগৰৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত কৰা ৪দিনীয়া এই আধ্যাত্মিক কাৰ্যসূচীত গীতা বাখ্যাকাৰ হিচাপে অংশগ্ৰহণ কৰে লখিমপুৰৰ গীতধামৰ আচাৰ্য লোহিত চন্দ্ৰ দেৱশৰ্মাই।

প্ৰতিদিনে দুপৰীয়া যুৱক-যুৱতীসকলৰ বাবে আধ্যাত্মিক কৰ্মশালা, আবেলি শিশুসকলৰ বাবে অনুষ্ঠান, গীতাৰ বাখ্যাৰ অন্তত প্ৰতিনিশা অনুষ্ঠিত হয় সমূহীয়া বাখ্যানুষ্ঠান। সোমবাৰে অন্তিম দিনাৰ কাৰ্যসূচীত লোহিতচন্দ্ৰ দেৱশৰ্মাৰ মুখেৰে গীতাৰ বাখ্যা শুনিবলৈ পঞ্চৰত্ন নামঘৰত সমাগম হয় চিলাপথাৰৰ বিভিন্ন স্থানৰ বহুতো ভক্তৰ।

শীতৰ গভীৰ নিশা ব্যাখ্যাকৰৰ দ্বাৰা কৰা গীতাৰ গভীৰ দৰ্শনৰ সৰল মনোগ্ৰাহী বিশ্লেষণে উপস্থিত ৰাইজক গীতাৰ আধ্যাত্মিক সাগৰত অৱগাহন কৰোৱাই ৰাখে। কৃষ্ণ ভক্তিত বিলীন হয় উপস্থিত ভক্তগণ। মাজে মাজে হৰি কীৰ্তনত আপোন পাহৰা পৰে ভক্তসকল। এইদৰেই আধুনিকতাৰ কোলাহল, যান্ত্রিকতাৰ মাজৰ পৰা ওলাই আহি কৃষ্ণভক্তিৰ অমিয়া ৰসৰ ৪দিন ধৰি নিমজ্জিত হৈ থকাৰ অন্তত মঙ্গলবাৰে পুৱতি নিশা সামৰণি পৰে চাৰিদিনীয়া গীতানুষ্ঠানৰ।

Also Read: ভাটি অয়েংগীয়া ৰাস মহোৎসৱৰ আয়োজন

silapothar