
ডিজিটেল সংবাদ, ধেমাজিঃ চিলাপথাৰ অঞ্চলত ড্ৰাগছৰ প্ৰচলনে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে স্বেচ্ছাসেৱী অনুষ্ঠান "ৱাৰিয়ৰ্ছ" আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ যৌথ উদ্যোগত অনুষ্ঠিত হ'ল ড্ৰাগছ নিৰ্মূলকৰণৰ ওপৰত আইন সজাগতা সভা।
চিলাপথাৰ দঞি পঃল সাংস্কৃতিক প্ৰকল্পত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গকুল চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৱাৰিয়ৰ্ছৰ চিলাপথাৰ আঞ্চলিকৰ সভানেত্ৰী দিপালী বৰদলৈয়ে। সভাত বক্তব্য প্ৰদান কৰি ৱাৰিয়ৰ্ছৰ চিলাপথাৰ আঞ্চলিকৰ সমন্বয়ক তথা তিনিচুকীয়া জিলাৰ সভানেত্ৰী ৰঞ্জু ফুকন বুঢ়াগোহাঁইয়ে, 'ব্যক্তি, পৰিয়াল, সমাজৰ লগতে সমগ্ৰ দেশখনক কোঙা কৰি তোলা বৰবিহ ড্ৰাগছৰ প্ৰচলনৰ বিৰুদ্ধে সময়োচিত ব্যৱস্থা নল'লে ভয়ংকৰ পৰিস্থিতি সূচনা হ'বলৈ বেচি দিন নাই' বুলি গভীৰ উদ্বেগ প্ৰকাশ কৰি সচেতন মহল, বিভিন্ন সংগঠন আৰু সাধাৰণ ৰাইজক সজাগ হ'বলৈ আহ্বান জনায়।
একেদৰে টি এম পি কেৰ চিলাপথাৰ জিলাৰ সম্পাদক মানস কুলিয়ে বক্তব্য দাঙি ধৰি 'মহিলাসকলৰ সহযোগৰ অবিহনে ড্ৰাগছ প্ৰচলন ৰোধৰ আশা নাই। নিজা সন্তানৰ কেবল ভাল দিশটোহে দেখা পোৱা একাংশ আই মাতৃয়ে বিপথগামী ড্ৰাগছ আসক্ত সন্তানৰ সপক্ষেহে অৱস্থান কৰি অপকৰ্মৰ প্ৰতি সন্তানক উৎসাহিত কৰে' বুলি আক্ষেপ প্ৰকাশ কৰি মহিলাসকলক ওলাই আহিবলৈ আহ্বান জনায়।
উল্লেখ্য সমাগত সময়ত ধেমাজি জিলাৰ ১৯৫খন গাঁৱত সংগঠনটোৱে যৌথভাবে ড্ৰাগছ বিৰুধী পদক্ষেপ লোৱাৰ পোষকতা কৰে। সভাত উপস্থিত বিশিষ্ট সমাজকৰ্মী তিলক ফুকনে, 'চিলাপথাৰ অঞ্চলটোত কেৱল ল'ৰাই নহয় ড্ৰাগচ আসক্ত ছোৱালীৰ সংখ্যাও বহু বৃদ্ধি পাইছে। যুৱ চামক বৰবিহৰ পৰা সময়মতে আঁতৰাই ৰাখিব নোৱাৰিলে পৰিস্থিতি বিষম হ'ব' বুলি আশংকা কৰে।
সভাত উপস্থিত ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰণৰ হৈ আইনজীৱি গোপীনাথ সন্দিকৈয়ে কয় যে, 'ড্ৰাগছ সমগ্ৰ বিশ্বৰ বাবে এক মহাব্যাধি। চিন্তা শক্তি, বিবেক, জীৱন সকলো ধ্বংস কৰে ড্ৰাগছে' বুলি মন্তব্য কৰি এই ক্ষেত্ৰত অভিভাৱকসকল সতৰ্ক হৈ থাকিব লাগিব আৰু সন্তানৰ মাজত কোনো অস্বাভাৱিক আচৰণ দেখিলেই তৎকালে ব্যৱস্থা ল'ব লাগিব বুলি মত প্ৰকাশ কৰে।
উল্লেখ্য ১৯৮৫ চনতে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ আইন প্ৰৱৰ্তন হ'ল যদিও মুঠেই হ্ৰাস পোৱা নাই ইয়াৰ প্ৰচলন। যুৱচামৰ পাঠ্যপুথিত ড্ৰাগছ সেৱনৰ ভয়াৱহতাৰ কথা সন্নিবিষ্ট কৰিব লাগিব বুলি পৰামৰ্শ দি উপস্থিতসকলে আৰক্ষীয়ে অকলে একো কৰিব নোৱাৰে, ৰাইজে সহযোগ কৰিব লাগিব বুলিও মত প্ৰকাশ কৰে। আনহাতে ড্ৰাগছৰ বেপাৰীক কঠোৰ শাস্তি বিহিবলৈ হ'লে ৰাইজে আৰক্ষীক সহযোগ কৰিব লাগিব বুলিকৈ ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰীৰ বিৰুদ্ধে থকা বিভিন্ন শাস্তিমূলক ব্যৱস্থাৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে উপস্থিতসকলে।
গাম্ভীৰ্য্যপূৰ্ণ সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা বিশিষ্ট সাংস্কৃতিকৰ্মী ৰেনু বৰুৱা, চিলাপথাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ বেবী মৰাং দলে, আৰক্ষী বিষয়া পংকজ ওজা, এচ আই কৌশিক হাজৰিকা, আইনজীৱি ৰাজেন শৰ্মা, ৱাৰিয়ৰ্ছৰ চিলাপথাৰ আঞ্চলিকৰ সম্পাদিকা ইলা চেতিয়া, বিত্ত সচিব দেৱ জ্যোতি চুতীয়া, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী শোভলতা ভূঞা, জনসংযোগ সচিব প্ৰণৱী সোনোৱালৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকে।