/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/88348182-fdd1-4600-baf8-09c0ad86f786/silapathar.jpg)
চিলাপথাৰ কেন্দ্ৰীয় বহাগী উৎসৱ
ডিজিটেল সংবাদ, ধেমাজিঃ পাচঁ দিনিয়া বৰ্নাঢ্য কাৰ্যসুচীৰে যোৱা ২ মে ৰ পৰা চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰকল্পৰ বাকৰিত অনুষ্ঠিত হৈছে চিলাপথাৰ কেন্দ্ৰীয় বহাগী উৎসৱৰ সোণালী জয়ন্তী ।
চিলাপথাৰ কেন্দ্ৰীয় বহাগী উৎসৱৰ সোনালী জয়ন্তী বৰ্ষৰ চতুৰ্থ দিনৰ কাৰ্যসূচী সমন্বয়ৰ সাংস্কৃতিক সমাৰোহৰ মুখ্য অতিথি
চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ মূখ্যমন্ত্ৰী পেমা খাণ্ডু, বিশিষ্ট অতিথি সাংসদ তাপিৰ গাৱৰ অংশগ্ৰহন কৰে ৷
মুখ্য অতিথি হিচাবে উপস্থিত থকা অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে নিজৰ ভাষণ প্ৰসংগত কয় যে প্ৰেমা খাণ্ডুক কেৱল আমন্ত্ৰন কৰা নাই সমগ্ৰ অৰুণাচলকেই সন্মান দিছে ৷ অনাগত দিনত অসমীয়া ভাষা শিকিব বুলিও মন্তব্য প্ৰদান কৰে প্ৰেমা খাণ্ডুৱে ৷
এইবাৰৰ অসমৰ ৰঙালী বিহুৱে সমগ্ৰ বিশ্বই পৰিচিত হৈ পৰিছে ৷ অসম অৰুণাচলৰ দীঘলীয়া সীমা সমস্যাৰ ইতিমধ্যে এম অ ইউ স্বাক্ষৰ হৈছে ৷
সীমাৰ সমস্যা সমাধান কৰিবলৈ জিলা প্ৰশাসনে স্থানীয় ৰাইজৰ মতামত গ্ৰহন কৰা হ’ব ৷ সীমা কেৱল প্ৰশাসন চলাবলৈ ভাতৃত্ববোধৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ সকলোৱে প্ৰচেষ্টা লব লাগিব ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/bdf9c27b-9bda-4b48-bbd9-93b6e2956ef2/b432c53a_2e20_493d_8fa7_b09774c610b9.jpg)
অসমৰ সমৃদ্ধিশালী সংস্কৃতি ৰ বৈভৱ শক্তিশালী ৷ সংস্কৃতিৰ প্ৰতি বৰ্তমান ভাবুকি আহি পৰিছে ৷ নৱ প্ৰজন্মক নিজৰ সংস্কৃতি ধৰি ৰাখিবলৈ শিকাওঁক ৷
আধুনিকতাক আদৰি লওক কিন্ত আধুনিকতাৰ নামত পূৰ্বজ সকলে দি যোৱা সংস্কৃতিক জীয়াই ৰাখিবলৈ দায়িত্ব বহন কৰিব লাগিব বৰ্তমানৰ বয়োজেষ্ঠ তথা অগ্ৰজ সকলে ৷
ইফালে চিলাপথাৰৰ কেন্দ্ৰীয় বহাগী উৎসৱৰ সোনালী জয়ন্তী ৰ সমন্বয়ৰ সাংস্কৃতিক সমাৰোহত অংশগ্ৰহন কৰি সাংসদ তাপিৰ গাৱঁৰ মন্ত্যব্য ঢোল পেপাৰ মাত শুনি পাহাৰৰ পৰা ভৈয়ামলৈ নামি অহা বুলি মত প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহুক গ্ৰীনিজ বুকুত স্থান পোৱাৰ প্ৰয়াসক প্ৰশংসা কৰে ।
লগতে হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰেমা খাণ্ডুৰ নেতৃত্বত বছৰ বছৰ সীমা সমস্যা সমাধানৰ দিশত আগবাঢ়িছে বুলিও মন্তব্য কৰে ।
অসমক বাদ দি অৰুণাচল জীয়াই থকাটো সম্ভৱ নহয় বুলিও মত প্ৰকাশ কৰে নেতাগৰাকীয়ে ৷ লাচিত বৰফুকন, গোপীনাথ বৰদৈলৰ নাথাকিলে বৰঅসম বাংলাদেশত চামিল হ’ল হয় বুলিও গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰে নেতাগৰাকীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/6615d687-6d0a-429b-9ce5-617103e7e1c1/1d046b32_d059_4e3d_a10f_506f122c77cd.jpg)
Also Read: মৃত্যু উপত্যকাত পৰিণত এখন গাওঁ ! গুলীবিদ্ধ হৈ ৬ জনৰ মৃত্যু, ৫ জন আহত...