ROAD ACCIDENT
ROAD ACCIDENT

চিলাপথাৰত ভয়ংকৰ দুৰ্ঘটনা, গুৰুতৰভাবে আহত...

১০০ মিটাৰ চোঁচৰাই লৈ গ'ল বাইক আৰোহীক। গুৰুতৰভাৱে আহত প্ৰাক্তন সাংবাদিক তথা কলেজৰ অধ্যক্ষ...

ডিজিটেল সংবাদ, চিলাপথাৰ : চিলাপথাৰত ভয়ংকৰ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত প্ৰাক্তন সাংবাদিক তথা কলেজৰ অধ্যক্ষ। চিলাপথাৰ-লিকাবালি পথত মঙ্গলবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী জাইল' বাহনে মহতিয়াই নিলে চুপাৰ স্পেলণ্ডাৰ বাইকক।

গাড়ীখনৰ নম্বৰ হ'ল এএচ ০১ বিকে ৪৭৫০, আনহাতে বাইকখনৰ নম্বৰ হ'ল এএচ ২২ ডি ৬৫৩৭। চিলাপথাৰ নগৰৰ ৰে'ল গেটৰ সমীপৰ হনুমান মন্দিৰৰ সন্মুখতে সংঘটিত হয় এই দুৰ্ঘটনা। তীব্ৰবেগী বাহনখনে প্ৰায় ১০০ মিটাৰ দূৰত্ব লৈকে আৰোহী সহ চোঁচৰাই লৈ নিয়ে বাইকখনক। যাৰ বাবে গুৰুতৰভাবে আহত হয় বাইক আৰোহী প্ৰাক্তন সাংবাদিক তথা চিচি বৰগাঁও বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰবীন দুৱৰা।

গুৰুতৰভাৱে আহত বাইক আৰোহীজনক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। ঘটনাত জাই'ল বাহনৰ চালক তথা গৰাকী ৰঞ্জন শইকীয়াও কিছু আহত হোৱা বুলি জানিব পৰা গৈছে। উত্তৰ লখিমপুৰ নিবাসী ৰঞ্জন শইকীয়া হ'ল বিদ্যুত পৰিষদৰ চিলাপথাৰ উপ সংমণ্ডল কাৰ্যালয়ৰ কৰ্মচাৰী।

ROAD ACCIDENT
এইবাৰ ডিভৰ্চৰ ফটোশ্বুট: পিছে প্ৰকৃততে কি ইয়াৰ আঁৰৰ কাহিনী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in