চিলাপথাৰত অগ্নিকাণ্ডঃ জুইত জাহ কেইবা লক্ষ টকাৰ সা-সম্পত্তি

চিলাপথাৰত অগ্নিকাণ্ডঃ জুইত জাহ কেইবা লক্ষ টকাৰ সা-সম্পত্তি

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত অগ্নিকাণ্ডঃ জুইত জাহ কেইবা লক্ষ টকাৰ সা-সম্পত্তি

ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌ চাৰিআলিত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। বৃহস্পতিবাৰে দিনৰ প্ৰায় ১০ বজাত ডিমৌ চাৰিআলিৰ বিশ্বনাথ মণ্ডল নামৰ ব্যৱসায়ী জনৰ ফাৰ্নিচাৰ দোকানত আকস্মাত জুই লাগে।

Advertisment

মূহুৰ্ত্বৰ ভিতৰতে ভয়ংকৰ ৰূপ লোৱা জুয়ে ফাৰ্নিচাৰৰ সমস্ত বয়বস্তু জ্বলাই চাৰখাৰ কৰে। জুইত ভস্মীভূত হয় ভাৰাতীয়াৰ ৩ টা কোঠা। অগ্নিকাণ্ডৰ ঘটনাটোত কেইবা লক্ষ টকাৰ সা-সম্পত্তি জুইত ছাই হয়।

স্থানীয় ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ বহু চেষ্টা চলায়। ফলত ওচৰ-চুবুৰীয়াৰ ঘৰ আৰু দোকানবোৰ অনিষ্ট হোৱাৰ পৰা ৰক্ষা কৰে। বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ বাবেই ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

Also Read: নামঘৰীয়া গোলেশ্বৰ বৰদলৈৰ মৃত্যুত গভীৰ শোক

fire broke out silapathar