/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/6865fcf2-f1b3-4bf6-85bd-217f888391cd/SILAPATHAR_24.jpg)
চিলাপথাৰত পুখুৰীত পৰি ২ বছৰীয়া শিশুৰ মৃত্যু...
ডিজিটেল সংবাদ চিলাপথাৰঃ চিলাপথাৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। পুখুৰীত পৰি এটি ২ বছৰীয়া শিশুৰ সলিল সমাধি ঘটা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাৰ বিৱৰণি অনুসৰি চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিমেনমুখ আনন্দ নগৰৰ লিকাবালী গাঁৱৰ নিবাসী মজিত নমশূদ্ৰৰ একমাত্ৰ পুত্ৰ অংকিত নমশূদ্ৰ (২) দেওবাৰে সন্ধিয়া আবেলি প্ৰায় প্ৰায় ৬ বজাত হঠাৎ নিজা ঘৰৰ পিছফালে থকা পুখুৰীত পৰি যায়।
লগে লগে পৰিয়ালটোৰ মাজত হাহাকাৰ লাগে। পানীৰ পৰা উদ্ধাৰ কৰি নিশা শিশুটিক চিলাপথাৰ আদৰ্শ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷
সোমবাৰে পুৱাই নিয়ম মাফিক মৃতদেহটো ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত বিয়লি ঘৰলৈ নি কবৰস্থ কৰে। একমাত্ৰ সন্তানটোৰ অকাল মৃত্যুত পৰিয়ালটোৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।
Also Read: সমষ্টি পুনৰ নিৰ্ধাৰণত স্থগিতাদেশ জাৰি নকৰিলে উচ্চতম ন্যায়ালয়ে...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us