চিলাপথাৰৰ নিলখত পাঁচ সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত 'কোলাচলৰ মুক্তিলাভ' প্ৰদৰ্শন...

চিলাপথাৰ অঞ্চলৰ নিলখ বৰ নামঘৰত অনুষ্ঠিত বাৰ্ষিক অধিৱেশনৰ দিনটোতে শণিবাৰে প্ৰদৰ্শিত হ'ল এক আকৰ্ষণীয় ভাওনা

author-image
Asomiya Pratidin
New Update
চিলাপথাৰৰ নিলখত পাঁচ সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত 'কোলাচলৰ মুক্তিলাভ' প্ৰদৰ্শন...

ডিজিটেল সংবাদ, চিলাপথাৰ : চিলাপথাৰ অঞ্চলৰ নিলখ বৰ নামঘৰত অনুষ্ঠিত বাৰ্ষিক অধিৱেশনৰ দিনটোতে শণিবাৰে প্ৰদৰ্শিত হ'ল এক আকৰ্ষণীয় ভাওনা। যুগপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সৃষ্টি আৰু সৰ্বোত্তম উপহাৰ অংকীয়া ভাওনাৰ নাট বোৰৰ অন্যতম 'কুলাচলৰ মুক্তিলাভ' উপভোগৰ বাবে সমগ্ৰ অঞ্চলটো পাঁচ সহস্ৰাধিকৰ লোকৰ সমাগম দেখা গ'ল।

Advertisment

প্ৰদৰ্শনীৰ ভাওনাৰ মুখ্য আয়োজক হ'ল একালৰ নিলখৰ জীয়াৰি তথা বৰ্তমান চিলাপথাৰ পৌৰ সভাৰ ৱাৰ্ড আয়ুক্ত তৰুনীমা দত্ত ৰায়। সন্ধিয়া বৰ নামঘৰত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি নাম প্ৰসংগ, দিহা নাম প্ৰদৰ্শনৰ পিছতে আৰম্ভ হয় মূল ভাওনা। ৰাজ্যখনৰ ভিতৰতে এক অন্যতম নাট্যগোষ্ঠী সুদৰ্শন নাট্য গোষ্ঠীৰ শিল্পীসকলে ভাওনাত কৰা অনবদ্য অভিনয়ৰে ওৰেটা নিশা মোহাবিষ্ট কৰি ৰাখিলে দৰ্শক ৰাইজক।

বাদ্য শিল্পীৰ খোল তালৰ উত্তাল কচৰৎ, সূত্ৰধাৰৰ ৰসাল বচন আৰু নিৰ্দিষ্ট বেহভূশাৰে সজ্জিত ভাওৰীয়াৰ বলীষ্ঠ সংলাপেৰে ৰজনজনালে ভাওনাস্থলী। মানুহৰে বিৰ দি বাট নোপোৱা অৱস্থা দেখা গল ভাওনাৰ বাকৰিত। অনুষ্ঠানত অতিথি হিচাপে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা শিল্পী, সাহিত্যক, শিক্ষক আৰু বহু সমাজকৰ্মী উপস্থিত থাকে।

Also Read: ফাট বিহুত দেহৰক্ষীকো ধুতি পিন্ধালে মুখ্যমন্ত্ৰীয়ে...

silapathar