জঘন্যঃ ধৰ্ষণত ব্যৰ্থ হৈ মহিলাক হত্যাৰ চেষ্টা বৃদ্ধৰ...

জঘন্যঃ ধৰ্ষণত ব্যৰ্থ হৈ মহিলাক হত্যাৰ চেষ্টা বৃদ্ধৰ...

ডিজিটেল সংবাদ, ধেমাজিঃ চিলাপথাৰৰ কুলি বজাৰত জঘন্য কাণ্ড। ধৰ্ষণত ব্যৰ্থ হৈ মহিলাক ঘপিয়াই হত্যাৰ অপচেষ্টা বৃদ্ধৰ। অভিযোগ মতে, দেওবাৰে মাজনিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ কুলি বজাৰৰ এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টা চলাইছিল মদন সৰকাৰ (৬০) নামৰ একে গাঁৱৰে বৃদ্ধটোৱে। পিছে মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত মুখত সোপা মাৰি কণ্ঠৰুদ্ধ কৰাৰ চেষ্টা কৰে বৃদ্ধজনে।

উপায়বিহীন মহিলাগৰাকীয়ে আত্মৰক্ষাৰ বাবে বৃদ্ধৰ হাতত কামোৰ মৰাত বলৎকাৰত ব্যৰ্থ হৈ মহিলাগৰাকীক চোকা অস্ত্ৰৰে ঘপিয়াই গুৰুতৰ ভাৱে আহত কৰে। শৰীৰৰ বিভিন্ন অংশত চোকা অস্ত্ৰৰে ক্ষত-বিক্ষত কৰি পলাই যাবলৈ সক্ষম হয় লম্পটটো। ঘটনাৰ পাছতেই সোমবাৰে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত মদন সৰকাৰক কৰায়ত্ত কৰে। এই জঘন্য ঘটনাই জোকাৰি যোৱা অঞ্চলটোৰ ৰাইজৰ দাবী আইনে দোষীক কঠোৰ শাস্তি প্ৰদান কৰক।

জঘন্যঃ ধৰ্ষণত ব্যৰ্থ হৈ মহিলাক হত্যাৰ চেষ্টা বৃদ্ধৰ...
ড্ৰাগছ সেৱনৰ বাবে চুৰি কৰিছিল সামগ্ৰীঃ কমাৰবন্ধাত গ্ৰেপ্তাৰ ৫ যুৱক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in