/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/7623a225-5365-4e8a-bdb0-51fdaac32f54/ap_for_web_copy.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ কমাৰবন্ধাৰ আৰক্ষীয়ে সোমবাৰে পুৱতি নিশা এক অভিযান চলাই ৫ টাকৈ চোৰক চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ঘটনাৰ বিৱৰণি মতে যোৱা ১৮ আগষ্টৰ নিশা শেনচোৱা গাঁৱৰ বৰটিং তিনি আলিৰ প্ৰকাশ ফুকন নামৰ লোকজনৰ এখন হাৰ্ডৱেৰ দোকানত প্ৰৱেশ কৰি প্ৰায় ১.৫লাখ মান টকাৰ সামগ্ৰী চুৰি কৰি নিয়ে।
উক্ত দোকানখনৰ পৰা এটা লেপটপ, পানীমটৰ, পানী পাইপ, ফেন, চাৰ্জাৰ-লাইট, গেছ চিলিণ্ডাৰৰ লগতে আন বিভিন্ন সামগ্ৰী চুৰি কৰি নিয়ে। এই ঘটনাৰ পাছত কমাৰবন্ধা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক গিয়াচুদ্দিন আহমেদৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে সোমবাৰে পুৱতি নিশা অভিযান চলাই নিজ নিজ গৃহৰ পৰা ৫ টাকৈ চোৰক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ কেইটা হৈছে ৰাংঢালি গাঁৱৰ নিপেন কলিতা, বিনোদ কেউত, আকাশ দাস আৰু জেলমণি গাঁৱৰ পাৰ্থপ্ৰতিম ৰাজখোৱা, প্ৰিন্স বৰপাত্ৰগোহাঁই। জানিব পৰা মতে গ্ৰেপ্তাৰ হোৱা চোৰ কেইটা ড্ৰাগছ আসক্ত। আৰু চোৰকেইটাই ড্ৰাগছ সেৱনৰ বাবে দৈনিক ৪০০ টকাৰ প্ৰয়োজন হয় বুলি স্বীকাৰ কৰিছে।
Also Read: ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত যোৰহাটৰ খেলুৱৈৰ সফলতা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us