/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/762ffca7-4843-4d96-baa8-b85c55dab242/ribi_gaseng_17.jpg)
'ৰিবি গাচেং' বিতৰ্কঃ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ডা: হেম হৰি পেগুৱে মূৰ পাতি ল'লে সকলো দোষ...
ডিজিটেল সংবাদ জোনাইঃ জোনাই বিধানসভা সমষ্টিত কংগেছ দলৰ চাঙে চাঙে কংগ্ৰেছ কাৰ্যসূচীৰ সময়ত ১৪ অক্টোবৰত চাংঘৰত মিচিঙৰ 'ৰিবি গাচেং' ৰ ওপৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাসহ নেতৃবৰ্গই বহি মিচিং জাতিৰ আত্মসন্মানত আঘাট হনা বুলি হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ডা: হেম হৰি পেগুৱে মন্তব্য আগবঢ়াইছে। প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ডা: হেম হৰি পেগুৱে কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিমতে অসম প্ৰদেশ কংগ্ৰেছ দলে গ্ৰহণ কৰা "চাঙে চাঙে কংগ্ৰেছ" কাৰ্যসূচী ধেমাজি জিলা কংগ্ৰেছ আৰু ইয়াৰ অন্তৰ্গত ব্লক কংগ্ৰেছৰ সহযোগত বিভিন্ন পঞ্চায়তৰ বিভিন্ন গাঁওসমূহৰ মিচিং ৰাইজৰ চাংঘৰসমৃহত প্ৰৱেশ কৰি ঘৰখনৰ মুৰব্বীগৰাকীক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই সম্বৰ্ধনা জনোৱা হৈছিল।
লগত দলৰ শীৰ্ষ নেতৃবৰ্গও অংশগ্ৰহণ কৰিছিল। ৰাইজে অভূতপূৰ্ব সঁহাৰিৰে কংগ্ৰেছ নেতৃবৰ্গক আদৰি লৈ গৈছিল আৰু আথে বেথে বহুৱাইছিল। ঘৰৰ গৃহস্থই ভিৰৰ মাজতে বহুৱাই লৈ সাদৰেৰে অপ্যায়ন কৰাইছিল। গৃহস্থৰ অপ্যায়নত কংগ্ৰেছৰ নেতৃবৰ্গ আপ্লুত হৈ পৰে।
গৃহস্থই ক'ত কেনেকৈ বহিব দিছে কংগ্ৰেছৰ নেতৃবৰ্গই মন কৰা নাছিল আৰু চোৱাও নাছিলো। কাৰ্যসূচীবোৰ শেষ হোৱাৰ পাছত আবেলি সামাজিক মাধ্যমত দিয়া আপডেট এটা চোৱাৰ পাচতহে কথাবোৰ মন কৰিছিলো আৰু জানিব পাৰিছিলো। প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ডা: হেম হৰি পেগুৱে বিবৃতিটোত উল্লেখ কৰি কয়, আমি জানি শুনি এনে কাম কৰা নাই, এইয়া সম্পূৰ্ণ অজানিতে হোৱা ঘটনা। সেয়ে মিচিং জাতিটোৰ বৃহত্তৰ স্বাৰ্থত এই বিতৰ্ক বন্ধ কৰিব লাগে। বিভিন্নজনে ভিন্ন ভিন্ন যুক্তি দিব পাৰে। কিন্তু যিটো পৰিয়ালৰ ঘৰত উক্ত ঘটনা ঘটিছিল সেই পৰিয়ালৰ ব্যক্তিসকলেও মনো কষ্ট পাইছে।
এই ঘটনা অজানিতে হোৱা ঘটনা, সেইয়ে সমূহ মিচিং ৰাইজক, মিচিং জাতীয় সংগঠনৰ নেতৃবৃন্দ, মিচিং ছাত্ৰ সংগঠন আৰু সহযোগী মিচিং সংগঠনসকলৰ ওচৰত অজানিতে হোৱা এই ঘটনাৰ বাবে সভাপতি ভূপেন বৰাই গভীৰভাৱে দুখ প্ৰকাশ কৰাৰ লগতে অজানিতে হোৱা এই সকলোবোৰ দোষ প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ডা: হেম হৰি পেগুৱে মূৰ পাতি লৈ ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নহ'ব বুলি সকলোকে আশ্বাস দিছে। আৰু এই বিতৰ্ক ইমানতে বন্ধ কৰিবলৈ সকলো পক্ষকে অনুৰোধ জনাইছে।
Also Read: পুৱা বিচনাৰ পৰা গ্ৰেপ্তাৰ পঞ্জাৱৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক কুলদীপ সিংক...