চিলাপথাৰৰ বিশিষ্ট সমাজকৰ্মী-ডেকা সত্ৰাধিকাৰ প্ৰেমকৃষ্ণ দেৱগোস্বামীৰ দেহাৱসান...

চিলাপথাৰৰ বিশিষ্ট সমাজকৰ্মী-ডেকা সত্ৰাধিকাৰ প্ৰেমকৃষ্ণ দেৱগোস্বামীৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
চিলাপথাৰৰ বিশিষ্ট সমাজকৰ্মী-ডেকা সত্ৰাধিকাৰ প্ৰেমকৃষ্ণ দেৱগোস্বামীৰ দেহাৱসান...

ডিজিটেল সংবাদ, ধেমাজি : অভিভাৱকহীন হৈ পৰিল ঘাৰমৰা আদৰ্শ সত্ৰ। অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী চিলাপথাৰ মাদুৰিপথাৰৰ ঘাৰমৰা আদৰ্শ সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰেমকৃষ্ণ দেৱগোস্বামী আৰু নাই। যোৱা নিশা নিজা বাস ভৱনত মহাপ্ৰয়াণ ঘটে ৯১ বছৰীয়া বিশিষ্ট সমাজ সেৱকজনৰ।

Advertisment

উচ্চ শিক্ষাৰে শিক্ষিত বিশিষ্ট সমাজকৰ্মী জনে ১৯৭২ চনত চিলাপথাৰলৈ আহি মাদুৰিপথাৰত প্ৰতিষ্ঠা কৰে ঘাৰমৰা আদৰ্শ সত্ৰখন। সত্ৰ স্থাপন কৰি বৈষ্ণৱ নাম ধৰ্ম প্ৰচাৰতে বৰ্তি নাথাকি চুবুৰীয়া অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত নামঘৰ স্থাপন কৰি অৰুণাচলী লোকক দীক্ষা দান কৰে।

পাহাৰ ভৈয়ামত বৈষ্ণৱ নাম ধৰ্ম প্ৰচাৰত তেওঁ অহোপুৰুষাৰ্থ কৰি গ'ল আজীৱন। তদুপৰি তেওঁ নিজ হাতে স্থাপন কৰি গৈছে বহু শিক্ষানুষ্ঠান। স্থাপন কৰি গ'ল কেইবাখনো মহাবিদ্যালয়। আমৃত্যু পৰ্যন্ত বিভিন্ন সামাজিক কাম-কাজৰ সৈতে জড়িত হৈছিল বৰেণ্য সমাজ কৰ্মী তথা সত্ৰাধিকাৰ জনে।

মৃত্যুৰ সময়ত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সদস্য সচিব গীতাৰ্থ গোস্বামীৰ লগতে বহু নিকটাত্মীয়ক এৰি থৈ যায়। তেওঁ মৃত্যুত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে।

Also Read: আজি আন্তৰ্জাতিক যোগ দিৱস; দেশৰ প্ৰান্তে প্ৰান্তে বিশেষ প্ৰস্তুতি...

social worker