চিমেন চাপৰিত পোষণ সংকল্প সপ্তাহ : চতুৰ্থ দিনাও ৰাইজৰ ব্যাপক সমাগম

চিমেন চাপৰিত পোষণ সংকল্প সপ্তাহ : চতুৰ্থ দিনাও ৰাইজৰ ব্যাপক সমাগম

author-image
Asomiya Pratidin
New Update
চিমেন চাপৰিত পোষণ সংকল্প সপ্তাহ : চতুৰ্থ দিনাও ৰাইজৰ ব্যাপক সমাগম

ডিজিটেল সংবাদ, ধেমাজিঃ যোৱা ৩ অক্টোবৰৰ পৰা ৯অক্টোবৰলৈকে অব্যাহত সংকল্প সপ্তাহৰ দ্বিতীয় দিনাও দেখা গ'ল ৰাইজৰ ব্যাপক উচাহ। চিমেন চাপৰি বিহুতলীত অনুষ্ঠিত অনুষ্ঠানৰ বুধবাৰৰ কাৰ্যসূচী উদ্ধোধন কৰে জোনাই মহকুমাৰ মহকুমাধিপতি শান্তনু গগৈয়ে। ধেমাজি জিলা সমাজ কল্যাণ বিষয়া প্ৰীতিৰেখা গগৈয়ে সভাপতিত্ব কৰা অনুষ্ঠানৰ উদ্দেশ্যে ব্যাখ্যা আগবঢ়াই মূৰ্কংচেলেক শিশু উন্নয়ন প্ৰকল্প বিষয়া ড৹ পৰিস্মিতা শইকীয়াই।

Advertisment

কাৰ্য্যসূচীত উপস্থিত থাকি জোনাই মহকুমা স্বাস্থ্য বিষয়া ডাঃ চন্দ্ৰ মিলিয়ে শিশু আৰু মহিলাৰ স্বাস্থ্য সন্মত দিশৰ ওপৰত বক্তব্য দাঙি ধৰি পৰিপুষ্টি আহাৰ আৰু পৰিষ্কাৰ পৰিচ্চনতাৰ বিষয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। অনুষ্ঠানত ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞা ড৹ পাপৰি বৰাই শিশু স্বাস্থ্য আৰু মহিলা সৱলীকৰণৰ বিষয়ত তত্ত্ব গধুৰ বক্তব্য দাঙি ধৰে।

জিলা নাৰী সৱলীকৰণৰ সমন্বয়ক কৃতাঞ্জলী গগৈয়ে নাৰী সৱলীকৰণৰ ওপৰত বক্তব্য ৰাখি এগৰাকী নাৰী সকলো দিশত আগুৱাই যাবলৈ হ'লে নাৰী সকলৰ আনুসংগিক দিশসমূহ শক্তিশালী হোৱা দৰকাৰ বুলি উল্লেখ কৰি এইক্ষেত্ৰত সচেতন নাৰী সমাজে সজাগতা বৃদ্ধিৰ জৰিয়তে নাৰী সমাজক সৱলীকৰণৰ দিশত আগুৱাই লৈ যাব লাগিব বুলি কয়।

মাছখোৱা আৰু চিচিবৰগাঁওৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া মণিষা দত্ত, জিলা নাৰী সৱলীকৰণৰ সমন্বয়ক ঋতুৰাজ পেগু, সুধিত্তা বুঢ়াগোহাঁই, মূৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্পৰ খণ্ড সমন্বয়ক গণেশ কুটুম, চিমেন চাপৰি গাওঁ পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰ, মূৰ্কংচেলেক, চিচিবৰগাঁও, মাছখোৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত অঙ্গণবাড়ী কেন্দ্ৰ সমূহৰ পৰ্য্যবেক্ষিকা, খণ্ড সমন্বয়ক, সেৱিকা লখিমী শইকীয়া, পদ্মাৱতী চুতীয়া আৰু বহু সংখ্যক সেৱিকা, সহায়িকা, পশু সখী, জীৱিকা সখীসকল উপস্থিত থকা সভাৰ শলাগৰ শৰাই আগবঢ়াই অঙ্গণবাড়ী কেন্দ্ৰৰ পৰ্য্যবেক্ষিকা বিমলা বসুমতাৰীয়ে।

বুধবাৰৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা পোষণ মেলা আৰু অন্নপ্ৰসন্ন কাৰ্য্যসূচী পৰিদৰ্শন কৰে জোনাই মহকুমাৰ মহকুমাধিপতি শান্তনু গগৈয়ে।

Also Read: বলীউডৰ 'চকলেট বয়'লৈ ইডিৰ চমন

Sankalpa Week