বলীউডৰ 'চকলেট বয়'লৈ ইডিৰ চমন

বলীউডৰ 'চকলেট বয়'লৈ ইডিৰ চমন

ডিজিটেল ডেস্কঃ বলীউডৰ 'চকলেট বয়' খ্যাত ৰণবীৰ কাপুৰলৈ প্ৰৱৰ্তন সঞ্চালকালয়ৰ পৰা আহিছে এক বিশেষ নিৰ্দেশনা। এটা গেমিং এপৰ সৈতে জড়িত এটা গোচৰৰ সন্দৰ্ভত শুকুৰবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হ'বলৈ কোৱা হৈছে প্ৰখ্যাত অভিনেতা ঋষি কাপুৰৰ পুত্ৰ ৰণবীৰ কাপুৰক।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত অনুসৰি, জনপ্ৰিয় অভিনেতাজন এপটোৰ প্ৰচাৰৰ বাবে কেইবাটাও বিজ্ঞাপনত অভিনয় কৰিছে। কিন্তু তাৰ বিনিময়ত অভিনেতাজনে লাভ কৰা মাননী অপৰাধজনিত উপাৰ্জনৰ পৰা আহিছিল বুলি তদন্তকাৰী সংস্থাটোৱে দাবী কৰিছে। এই সন্দৰ্ভতে অভিনেতা ৰণবীৰ কাপুৰক প্ৰৱৰ্তন সঞ্চালকালয়ত হাজিৰ হোৱাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে।

উল্লেখ্য যে, বিতৰ্কটো আৰম্ভ হৈছিল মহাদেৱ অনলাইন বুক নামৰ এপ নামৰ এটা অবৈধ বেটিং ৱেবছাইটক কেন্দ্ৰ কৰি। তদন্তকাৰী সংস্থাটোৱে উত্থাপন কৰা অভিযোগ অনুসৰি, ৱেবচাইটো নতুন ব্যৱহাৰকাৰীৰ নাম ভৰ্তি কৰা, ব্যৱহাৰকাৰীৰ আইডি সৃষ্টি কৰা আৰু বেনামি বেংক একাউণ্টৰ স্তৰযুক্ত ৱেবৰ জৰিয়তে ধন ৰপ্তানি কৰাৰ বাবে অনলাইন প্লেটফৰ্মৰ ব্যৱস্থা কৰাৰ দৰে অপৰাধমূলক কাৰ্যৰ সৈতে জড়িত।

অনলাইন গেমিংৰ ক্ষেত্ৰত চৰকাৰে নিৰ্ধাৰণ কৰা নতুন নিয়ম অনুসৰি বেটিং আৰু বাজি লগোৱাৰ লগত জড়িত সকলোধৰণৰ গেমিং এপ ভাৰতত নিষিদ্ধ কৰা হৈছে। বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি এই সন্দৰ্ভত প্ৰায় এক ডজন অভিনেতা-অভিনেত্ৰী তদন্তকাৰী সংস্থাটোৰ নজৰত আছে। অতিশীঘ্ৰেই এইসকল অভিনেতা-অভিনেত্ৰীকো প্ৰৱৰ্তন সঞ্চালকালয়ত হাজিৰ হোৱাৰ বাবে নিৰ্দেশনা দিয়া হ'ব বুলিও সূত্ৰই জানিবলে দিয়ে।

উল্লেখ্য যে, যোৱা মাহত, বিত্তীয় জালিয়াতিৰ তদন্ত কৰা তদন্ত সংস্থাটোৱে অনলাইন বেটিং গোচৰৰ সন্দৰ্ভত ৪১৭ কোটি টকাৰ সম্পত্তি জব্দ কৰিছিল।

তদন্তকাৰী সংস্থাটোৱে জনোৱা মতে, ছত্তীশগড়ৰ ভিলাইৰ পৰা কোম্পানীৰ প্ৰচাৰকসকলে এনেধৰণৰ ৪/৫টা অবৈধ এপ চলাই আছিল। যাৰ দ্বাৰা তেওঁলোকে দৈনিক প্ৰায় ২০০ কোটি টকা পৰ্যন্ত ইনকাম কৰি আছিল। সংস্থাটোৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি, নিৰ্দিষ্ট গেমিং এপটো আৰৱস্থিত মুখ্য কাৰ্যালয়ৰ পৰা সঞ্চালন কৰি থকা হৈছিল। তদুপৰি নেপাল আৰু শ্ৰীলংকাত উক্ত এপটোৰ কল চেন্টাৰ থকা বুলিও সংস্থাটোৰ অনুসন্ধানত পোহৰলৈ আহিছে।

বলীউডৰ 'চকলেট বয়'লৈ ইডিৰ চমন
কি আছিল সেই দৃশ্য, যি দৃশ্য দেখি শিখৰ ধাৱানে ক'লে- Pakistan & fielding never ending love story

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in