![টাকাম মিলি অপৃন কৗবাঙৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক সাধাৰণ অধিবেশনৰ সফল সামৰণি...](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/bbea32d6-97fc-404b-a3d8-9e419391aaeb/MILI_25.jpg)
টাকাম মিলি অপৃন কৗবাঙৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক সাধাৰণ অধিবেশনৰ সফল সামৰণি...
ডিজিটেল সংবাদ ধেমাজিঃ যোৱা ২২ ডিচেম্বৰ পৰা তিনিদিনীয়াকৈ উত্তৰ ধেমাজি ৰাইচাপৰি নৰেন্দ্ৰ মিলি ক্ষেত্ৰত অনুষ্ঠিত হোৱা মিচিং জনগোষ্ঠীৰ অন্যতম বমি’ গোত্ৰৰ অন্তৰ্গত সদৌ মিলি বংশাৱলীৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক ৰাজ্যিক অধিৱেশনখনি দেওবাৰে সফলভাৱে সম্পূৰ্ণ প্লাষ্টিক মুক্ত পৰিৱেশৰ মাজেৰে সামৰণি পৰে৷ অন্তিম দিনৰ মুকলি সভাত মিলি বংশাৱলীৰ বিভিন্ন ক্ষেত্ৰ ক্ৰীড়া,সাংস্কৃতিক,শিক্ষা আদিত পাৰদৰ্শিতা দেখুৱাই অহা ৪৫ গৰাকীকৈ মিলি উপাধিধাৰী লোকক সন্মান ও সম্বৰ্ধনা জনোৱা লগতে বিশেষভাৱে মিলি বংশাৱলীৰ সৰ্বোচ্ছ সন্মান পোন প্ৰথমবাৰৰ বাবে শোণিতপুৰ জিলা তেজপুৰৰ জীয়া ভৰলী পাৰৰ কমিছন মিলিক মিলি মিগাং বা মিলিশ্ৰী সন্মান প্ৰদান কৰা হয়৷
![](https://img-cdn.thepublive.com/filters:format(webp)/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/d3e80062-d295-4995-9adb-f9fa2cde1804/923bb17b_eb65_439f_8b4b_ff22f40aee4d.jpg)
আগন্তুক তিনি বছৰৰ কাৰণে হৰিপ্ৰসাদ মিলিক সভাপতি আৰু দ্বিতীয়বাৰৰ বাবে ভৰত মিলিক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি ৫১ জনীয়া শক্তিশালী নতুন কেন্দ্ৰীয় সমিতি গঠন কৰি পৰৰ্বতী অধিৱেশন মাজুলীত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷অধিৱেশনত মিলি মিগাং সন্মানপ্ৰাপ্ত কমিচন মিলিয়ে মিলি বংশৰ লগতে সমগ্ৰ অসমৰ সকলো লোককে উদ্যান শস্য বিশেষকৈ তামোলৰ খেতিত মনোযোগ দিবলৈ আহ্বান জনায় আৰু ইয়াৰ বাবে নিৱনুৱা যুৱক-যুৱতীসকলক আৰ্থিক স্বাৱলম্বিতাৰ বাবে চৰকাৰেও বিশেষ আঁচনিৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷
সকলো কাৰ্যসূচী সুকলমে সম্পন্ন হোৱাৰ ক্ষেত্ৰত সহায়-সহযোগ আগবঢ়োৱা কেন্দ্ৰীয় সমিতিৰ সদস্য-সদস্যাৰ লগতে অভ্যৰ্থনা সমিতিৰ সভাপতি-সম্পাদক, কৰ্মকৰ্তা আৰু ৰাইচাপৰিবাসী মিলি পৰিয়াল আৰু ৰাইজলৈও আন্তৰিক ধন্যবাদ জনায় নৱগঠিত সমিতিৰ সভাপতি হৰিপ্ৰসাদ মিলি আৰু সাধাৰণ সম্পাদক ভৰত মিলিয়ে৷ অধিৱেশনত টাকাম মিলি অপৃন কৗবাঙৰ সাধাৰণ সম্পাদক ভৰত মিলিৰ দ্বাৰা সম্পাদিত মুখপত্ৰ “মিলি গমুগ”, জীৱনী গ্ৰন্থ তুৰয়িং পতিন, থানুৰাম মিলিৰ দ্বাৰা সম্পাদিত স্মৃতি গ্ৰন্থ ৰাই চাপৰি মিমাং,সঞ্জু মিলিৰ দ্বাৰা সম্পাদিত দ:পৃন পতিন, সুৰুজ কুমাৰ পাতিৰি মিলিৰ দ্বাৰা ৰচিত মিচিং সংস্কৃতিৰ ৰেঙনি,ড০ ৰত্নেশ্বৰ মিলিৰ দ্বাৰা সংকলিত আৰু সম্পাদিত মিচিং ভাষা আৰু সংস্কৃতি, অধ্যাপক শিৱ প্ৰসাদ মিলিৰ দ্বাৰা ৰচিত গ্ৰন্থ Beliefs Across the River : The chronicles of the Misings, মিলি কবিসকলে লিখা দুখন কবিতা পুঁথি তুঃলুং তাপুং আৰু পি:লি আৰু জৱাহৰলাল মিলিৰ দ্বাৰা ৰচিত কবিতা পুথি মাটি আৰু মানুহৰ গান উন্মোচন কৰা হয়।
![](https://img-cdn.thepublive.com/filters:format(webp)/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/7ac2277b-dbb5-4fd2-b5c5-70edc230c25f/9b3bd7e4_2945_47d5_ae7b_33f9526af83a.jpg)
ইয়াৰ পিছত "মিচিং সমাজত বমিগোত্ৰ উৎপত্তিৰ কাহিনী আৰু মিলি বংশাৱলী" বিষয়ৰ ওপৰত আলোচনা সত্ৰ অনুষ্ঠিত হয়। আলোচনা সত্ৰ উদ্বোধন কৰে ৰাষ্ট্ৰীয়,আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক পুনাৰাম মিলিয়ে। আলোচনাচক্ৰখনি আঁতধৰে মিচিং সাহিত্য সভাৰ উপ-সভাপতি প্ৰভাত মিলিয়ে ৷
আলোচনাচক্ৰত তিনিগৰাকীকৈ বিশিষ্ট সমল ব্যক্তি ক্ৰমে মিচিং লোক সংস্কৃতিৰ গৱেষক ড০ পৱিত্ৰ কুমাৰ পেগু, মিচিং সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ডিম্বেশ্বৰ দলে আৰু ৰাষ্ট্ৰীয় উদ্ভাৱন ফাউণ্ডেশ্যন তথা ভাৰতৰ গুৱাহাটী কোষৰ উদ্ভাৱন সহযোগী বিষয়া ড০ ৰাজীৱ মিলিয়ে অংশগ্ৰহণ কৰে ৷
![](https://img-cdn.thepublive.com/filters:format(webp)/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/81449d64-8d6c-497e-9ba8-cbf12d56f89b/3efc17e6_b4f5_43dd_983a_fe94a5d2e87a.jpg)
বিয়লিলৈ বিশিষ্ট কবি গংগামোহন মিলিৰ সঞ্চালনাত এক কবি সন্মিলনো অনুষ্ঠিত হয়৷ কবি সন্মিলনখনি উদ্বোধন কৰে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, হোজাইৰ অসমীয়া বিভাগৰ প্ৰবক্তা দেৱৰাজ মিলিয়ে।
সন্মিলনত য়কচা কুলি,হৰেন কপ্তাক আৰু মিলি বংশধৰৰ বিশিষ্ট কবি গজেন মিলিকে ধৰি প্ৰায় কুৰিৰো অধিক নবীন -প্ৰবীন কবিয়ে স্বৰচিত কবিতা পাঠেৰে জীপাল কৰি তোলে নৰেন্দ্ৰ মিলি ক্ষেত্ৰ৷ সন্ধিয়াৰ ভাগত স্বৰ্গীয় চেনিৰাম মিলি সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াত অসমৰ মিচিং সমাজৰ বহু প্ৰতিষ্ঠিত কণ্ঠ শিল্পীয়ে অংশগ্ৰহণ কৰে।
গহপুৰৰ প্ৰতিমা পেগু, গুৱাহাটীৰ টেনচন মিলি, জোনাইৰ পবা গৌৰৱ মিলি, ঢকুৱাখানাৰ অৱনি মিলি,দিচাং মুখৰ অনাতাঁৰ শিল্পী বিৰেনসিং মিলি আৰু মিচিং সমাজৰ প্ৰখ্যাত গীতিকাৰ আৰু সুৰকাৰ জোনাইৰ সঞ্জু মিলিয়ে গীত পৰিৱেশন কৰে৷
Also Read: কৰ্মচাৰী নালাগে AI য়ে কৰিব সকলোঃ পেটিএমে অব্যাহতি দিলে এহেজাৰ কৰ্মচাৰী...