ৰঙালী বিহু সন্মিলনৰ সফল সামৰণি...

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সৌজন্যত ধেমাজি সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত দুদিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হোৱা ৩৭ সংখ্যক ৰঙালী বিহু সন্মিলনৰ বৃহস্পতিবাৰে সামৰণি পৰে

author-image
Asomiya Pratidin
New Update
ৰঙালী বিহু সন্মিলনৰ সফল সামৰণি...

বিহু সন্মিলন

ডিজিটেল সংবাদ, ধেমাজিঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সৌজন্যত ধেমাজি সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত দুদিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হোৱা ৩৭ সংখ্যক ৰঙালী বিহু সন্মিলনৰ শুকুৰবাৰে সামৰণি পৰে ৷

Advertisment

বৃহস্পতিবাৰে পুৱা ১০ বজাত ক্ৰীয়া পেঞ্চনাৰ তথা বিশিষ্ট নাগৰিক লক্ষেশ্বৰ কোৱঁৰে পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতাৰে দ্বিতীয়দিনৰ কাৰ্য্যসূচী শুভাৰম্ভণি কৰে ৷ বিয়লি ১.৩০ বজাত জেং বিহু প্ৰতিযোগিতাৰ উদ্ধোধন কৰে লখিমপুৰৰ দীপা দাস হাজৰিকাই ।

সন্ধিয়া ৭ বজাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দেৱজিৎ দাসে উদ্ধোধন কৰা মুকলি বিহুত লখিমপুৰৰ চেৰেকী বিহু দল, দুলিয়াজানৰ বৰলুইত বিহু দল, ডিব্ৰুগড়ৰ ৰং বসন্ত হুঁচৰি বিহু দল, ডিগবৈ বিহু দল আৰু ধেমাজি বিহু দলে মুকলি বিহু প্ৰদৰ্শন কৰে ৷

ৰাতি ১১ বজাত ৰঙালী বিহুৰ উদযাপন সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি বটাঁ বিতৰণী সভাৰ উদ্ধোধন কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে ৷ মুকলি সভাত স্মৰণিকা “সুৱাগমণি” উন্মোচন কৰে মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা লোক কৃষ্টিৰ গৱেষক ড° অনিল শইকীয়াই ৷

সভাত জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়া, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুদ্ধিন্দ্ৰ বৰুৱা, সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক মন্টুৰাজ বৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগাঠনিক সম্পাদক প্ৰদীপ শৰ্মা, ধেমাজি নগৰ পালিকাৰ প্ৰাক্তন চেয়াৰমেন ভৱিষ্য দিহিঙীয়া, সমাজসেৱক ফটিক চুতীয়া, ধেমাজি জিলা ছাত্ৰ সন্হাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰ গোহাঁই, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাকে ধৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

সভাত জিলাখনৰ তিনি গৰাকী নিৰ্বাচিত বিশেষ ব্যক্তি ক্ৰমে আদৰ্শ খেতিয়ক জিতু গগৈ, লোকবাদ্য নিৰ্মাতা কৃষ্ণ গগৈ আৰু আদৰ্শ শিপিনী অনিতা পেগুক সম্বধৰ্না জনায় ৷ ৰাতি ১২.০০ বজাত অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী পাপৰি শইকীয়া, জ্যোতিষ্মা চেতিয়া আৰু মাজুলীৰ তুলিকা শইকীয়াৰ বিশেষ আকৰ্ষণীয় সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰে ধেমাজি জিলাৰ উপ-আৰক্ষী অধীক্ষক আবুটানী দলেয়ে ৷

Also Read: চুদান সংঘৰ্ষঃ উদ্বিগ্ন প্ৰধানমন্ত্ৰী, আবদ্ধ হাজাৰ হাজাৰ ভাৰতীয়...

ৰঙালী বিহু বিহু সন্মিলন