/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/fa55e5ea-491d-49d9-a598-751b9d44a478/pijush_da.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা আৰু নদী দ্বীপ মাজুলীৰ সুৰক্ষা কৱচ স্বৰূপ চিচি টেকেলিফুটা মথাউৰীৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদর্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ। শনিবাৰে মন্ত্ৰীগৰাকীয়ে সাংসদ প্ৰদান বৰুৱা,ঢকুৱাখনাৰ বিধায়ক নৱ দলে,জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰসিং ৰংপি,অতিৰিক্ত মুখ্য অভিযন্তা (উত্তৰ সংমণ্ডল) প্ৰবীণ ভূঞা, অধীক্ষক অভিযন্তা ৰুদ্ৰেশ্বৰ লাংথাছাসহ এটা শীর্ষ আমোলা-বিষয়াৰ দলৰ সৈতে উক্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/166a1f61-39a5-4b14-b839-43bb84cf80a3/067f81b1_6d6b_46ac_940c_15bf3491f891.jpg)
পৰিদৰ্শন কালত প্ৰথমে চিচি টেকেলিফুটা মথাউৰীৰ বান্দেনা চেক বান্ধ , বাঘচুক, লোটাচুৰ ,টাকাৰচুকৰ খহনীয়াগ্ৰস্ত এলেকাৰ পৰিস্থিতিৰ বুজ লয়। এই সময়ছোৱাত লখিমপুৰ জিলাৰ উপায়ুক্ত শোণিত সত্বৱান,ঢকুৱাখনাৰ মহকুমাধিপতি কাৰ্তিক কলিতা, ঢকুৱাখনা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়ো ,সহকাৰী কাৰ্যবাহী অভিযন্তা কৃষ্ণ কান্ত পেগুৰ সহযোগত ঢকুৱাখনা জলসম্পদৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ মথাউৰীটো মন্ত্ৰীগৰাকীয়ে পৰিদর্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/e038baf2-5032-4924-ae92-eeff67834741/6ce938e1_709c_44b7_be80_6ddd2c752375.jpg)
অঞ্চলসমূহ পৰিদর্শন কৰি মন্ত্ৰী হাজৰিকাই কয় "চলিত বছৰত ব্ৰহ্মপুত্ৰৰ গতি নিয়ন্ত্ৰণ আৰু খহনীয়া ৰোধৰ বাবে ৩-৪ টা মান চেক বান্ধ বিভাগৰ জৰিয়তে নিৰ্মাণ কৰা হ'ব। অহা বর্ষত সমগ্ৰ মথাউৰীটোৰ স্পৰ্শকাতৰ এলেকাসমূহত ১১-১২ টা চেক বান্ধ নিৰ্মাণৰ লগতে জিঅ' বেগৰ কাম কৰি ঢকুৱাখনাবাসীক বান খহনীয়াৰ জটিল সমস্যাৰ পৰা পৰিত্ৰাণ দিব ৰাজ্য চৰকাৰে।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/d2d36b00-b8e0-4263-8529-81e7b96eacc3/7f9d26dc_cfd3_4716_99ff_4dc5f785046f.jpg)
উল্লেখ্য যে, চলিত বর্ষত ৩বাৰ এই খহনীয়া আক্ৰান্ত এলেকা পৰিদর্শন কৰা মন্ত্ৰী হাজৰিকাই বিভাগৰ কামৰ শলাগ লয়। এই ক্ষেত্ৰত নিজৰ দায়বদ্ধতা পালন কৰি "এছিয়ান ডেভেল'পমেন্ট বেংক"ৰ অৰ্থসাহায্যৰে অনাগত দিনত স্থায়ী খহনীয়া প্ৰতিৰোধ আঁচনি গ্ৰহণ কৰি ২বছৰৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিব বুলি নিশ্চয়তা প্ৰদান কৰে। ইয়াৰ পিচতে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভাগীয় বিষয়াসকলৰ উপস্থিতিত মাজুলী জিলাৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদর্শন কৰে।
Also Read: নলবাৰীত বন্দে ভাৰত এক্সপ্রেছ দুৰ্ঘটনাগ্রস্ত