চিলাপথাৰত পথ দুৰ্ঘটনা : নিহত এজন

চিলাপথাৰত পথ দুৰ্ঘটনা : নিহত এজন

author-image
Asomiya Pratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

ডিজিটেল সংবাদ,চিলাপথাৰ : চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ভগৱান চিলিত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় এগৰাকী যুৱক। জানিব পৰামতে নিহত যুৱকজন হৈছে- ভীম বাহাদুৰ চেত্ৰী (৩২)।

Advertisment

উল্লেখ্য যে বুধবাৰে সন্ধিয়া ২ নং চিলি নেপালী গাঁৱৰ নিবাসী ভীম বাহাদুৰে ভগৱান চাৰিআলিৰ পৰা ঘৰলৈ বুলি ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে খোজকাঢ়ি গৈ আছিল। উক্ত সময়তে চিমেন চাপৰিৰ  পৰা চিলাপথাৰ অভিমুখে আহি থকা AS  07 W 1686 নম্বৰৰ তীব্ৰ বেগী মাৰুতি চুইফট্ বাহনখনে খুন্দা মাৰে।

ফলত থিতাতে নিহত হয় যুৱকজন। দুৰ্ঘটনা সংঘটিত কৰিয়ে চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Also Read: যোৰহাটত আয়কৰ বিভাগৰ অভিযান

silapathar Assam police