গোগামুখত পথ দুৰ্ঘটনা : অকাল মৃত্যুক আঁকোৱালি ল'লে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ ডা০ সঞ্জয় চুংক্রাঙে

গোগামুখত পথ দুৰ্ঘটনা : অকাল মৃত্যুক আঁকোৱালি ল'লে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ ডা০ সঞ্জয় চুংক্রাঙে

ডিজিটেল সংবাদ,চিলাপথাৰ : শনিবাৰে নিশা গোগামুখত সংঘটিত এক গুৰুতৰ পথ দুৰ্ঘটনাত চিকিৎসক তথা মেধাৱী যুৱক সঞ্জয় চুংক্রাঙৰ (৩৫) অকাল মৃত্যুৰ খবৰে চিলাপথাৰত শোকৰ ছাঁ পেলাইছে। নিশা নলবাৰীৰ পৰা দুজন বন্ধুৰ সৈতে এখন Venue গাড়ীৰে ঘৰলৈ আহি থকা অৱস্থাত গোগামুখত‌ এজোপা গছত প্ৰচণ্ড খুন্দা মৰাৰ ফলত সংঘটিত দুৰ্ঘটনাত চিকিৎসক সঞ্জয়ৰ মৃত্যু হয় ।

একেদৰে গুৰুতৰভাৱে আহত হৈ ডিব্ৰুগড়ত আই চি ইউত চিকিৎসাধীন হৈ আছে সহযাত্ৰী।‌ উল্লেখ্য যে চিলাপথাৰ জোনাকী নগৰ নিবাসী বাসুদেৱ চুংক্রাঙৰ একমাত্ৰ পুত্ৰ ৰজা ওৰফে সঞ্জয়ে ২০০৩ চনতে নৱোদয় বিদ্যালয়ৰ পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ হৈ শিলচৰ মেডিকেল কলেজৰ পৰা এম বি বি এছ ডিগ্ৰী লৈছিল।

প্ৰচুৰ মেধা সম্পন্ন যুৱকজনে উক্ত শিক্ষানুষ্ঠানৰ পৰাই পৰৱৰ্তী সময়ত এম ডি ডিগ্ৰী গ্ৰহন কৰি আৰম্ভ কৰে কৰ্মজীৱন। শেহতীয়াকৈ নলবাৰী চিকিৎসা মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে তেওঁ যোগদান কৰি আছিল।

সম্ভাৱনাময় যুৱকজনৰ দেওবাৰে মৰণোত্তৰ পৰীক্ষাৰ পিছতে নশ্বৰ দেহ নিজা ঘৰ আহি পোৱাৰ পিছতে সমগ্ৰ গাঁৱখনত কান্দোনৰ ৰোল উঠে। অকালতে যুৱকজনক হেৰুৱাই হাহাকাৰ কৰিছে পৰিয়ালটোৱে।

শোকত মৰ্মাহত হৈ পৰিছে আত্মীয় স্বজনৰ লগতে অজস্ৰ গুণমুগ্ধ। মাত্ৰ ৩৫ বছৰ বয়সতে পৃথিৱীৰ পৰা চিৰবিদায় লোৱা পৰিয়ালটোৰ এক মাত্ৰ পুত্ৰজনৰ অকাল মৃত্যুৰ ঘটনাই হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। যুৱক‌জনৰ অকাল‌ বিয়োগৰ ঘটনাই পৰিয়ালটোৰ লগতে সমাজৰ অপূৰনীয় ক্ষতি সাধন কৰিলে বুলি ৰাইজে শোক প্ৰকাশ কৰিছে।

গোগামুখত পথ দুৰ্ঘটনা : অকাল মৃত্যুক আঁকোৱালি ল'লে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ ডা০ সঞ্জয় চুংক্রাঙে
১১ মাৰ্চত প্ৰকাশ পাব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in