১১ মাৰ্চত প্ৰকাশ পাব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা

অসম জাতীয় পৰিষদে হয় ডিব্ৰুগড় নহয় গুৱাহাটীত প্ৰাৰ্থিত্ব লাভ কৰিব : ভূপেন বৰা
১১ মাৰ্চত প্ৰকাশ পাব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা

ডিজিটেল সংবাদ,,লখিমপুৰ : ১১ মাৰ্চতহে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ হ’ব ৷ দেওবাৰৰ পৰা উৰিষ্যাত অনুষ্ঠিত হোৱা কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত অহা ১০ মাৰ্চত অসমৰ ১৪ টা সংসদীয় সমষ্টিৰ প্ৰাৰ্থিত্বৰ ওপৰত সিদ্ধান্ত হ’ব আৰু ১১মাৰ্চৰ পুৱাই প্ৰাৰ্থী তালিকা প্ৰকাশ হ’ব ৷

কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাক লৈ ৰাজ্যৰ ৰাজনৈতিকভাৱে সপ্ৰতিভ মহলৰ জল্পনা কল্পনা ওৰ পেলাই এই কথা সদৰী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷ নাওবৈচাৰ চিলনীবাৰীত নিজা বাসগৃহত অসমীয়া প্ৰতিদিনৰে হোৱা এক বাৰ্তালাপত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়- “ আমি ৯টা সমষ্টিৰ প্ৰাৰ্থীসকলক ইতিমধ্যেই নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছো ৷

প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি ৯টা সমষ্টিৰ বাবে এজনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰি হাইকামাণ্ডলৈ প্ৰেৰণ কৰিছোঁ ৷ বাকী ৫টা সমষ্টিত আমি সিদ্ধান্ত ল’ব পৰা নাই আৰু সেয়ে চি ই চি য়ে সিদ্ধান্ত ল’বৰ বাবে আহ্বান জনাইছোঁ ৷

১০ মাৰ্চৰ চি ই চি ৰ বৈঠকত যোৰহাট ,নগাঁও,বৰপেটা,কৰিমগঞ্জ আৰু শিলচৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্বৰ ওপৰত চি ই চি আৰু কংগ্ৰেছ হাইকামাণ্ডে সিদ্ধান্ত ল’ব ৷" আনহাতে তৃণমূল কংগ্ৰেছে অসমত এককভাৱে প্ৰাৰ্থিত্ব আগবঢ়োৱা সন্দৰ্ভত সুস্মিতা দেৱৰ বক্তব্যৰ আঁত ধৰি সোধা প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই কয় “তৃণমুল কংগ্ৰেছৰ লগত আমাৰ আসন বুজাবুজি হোৱা নাই ।

বেংগলত ৪২ খনতে মিত্ৰতা হোৱা নাই ৷ খাৰ্গে আৰু মমতা বেনাৰ্জি নবহিলে আমি ১৪ তাত কি আলোচনা কৰিম। বেংগলত মিত্ৰতা হোৱা হ’লে আমি অসমত টি এম চিক আসন দিলো হয় ৷”

ইফালে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়- “ জাতীয় পৰিষদে গুৱাহাটী আৰু ডিব্ৰুগড় আসন বিচাৰিছে ৷ ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈ আৰু গুৱাহাটীত কমল নয়ন চৌধুৰীৰ প্ৰাৰ্থিত্বৰ দাবী কৰিছে ৷ আমি বিৰোধী ঐক্যত থকা দলক এখন আসনহে দিব পাৰিম ৷

অজাপই হয় গুৱাহাটী নহ’লে ডিব্ৰুগড়ৰ আসনত প্ৰতিদ্বন্দিতাৰ সুযোগ পাব ৷" ভূপেন বৰাৰ মতে কাইলৈ চি পি আইৰ লগত বৈঠক হ’ব আৰু প্ৰাৰ্থিত্ব সন্দৰ্ভত আলোচনা হ’ব ৷ আনহাতে প্ৰধানমন্ত্ৰীৰ আগমনত তাই আহোম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে প্ৰদেশ কংগ্ৰেছে সোমবাৰে 'কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব ৷

১১ মাৰ্চত প্ৰকাশ পাব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা
চিলাপথাৰৰ প্ৰাক্তন আছু নেতা বিনোদ সোণোৱালৰ বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in