/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/5950c3a2-f513-4f0b-87d3-2e1114c78eec/AP_FOR_WEB_Ripun_Bora.jpg)
ডিজিটেল সংবাদ ,ধেমাজি: ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, তিনিচুকীয়াকে ধৰি উজনিৰ অসমৰ কেইবাখনো জিলাৰ প্ৰায় তিনিশতাধিক দলৰ কৰ্মীসকলৰ উপস্থিতত শনিবাৰে এদিনীয়াকৈ ধেমাজি মহাবিদ্যালয়ৰ সমীপৰ শিশু শিক্ষা উৎকৰ্ষসাধন কেন্দ্ৰৰ সভা কক্ষত তৃৰ্ণমূল প্ৰদেশ কংগ্ৰেছৰ মাণ্ডলীক প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত হয় ৷
প্ৰশিক্ষণ শিৱিৰত প্ৰদেশ তৃণমূল কংগ্ৰেছৰ বহুকেইগৰাকী বিষয়ববীয়াৰ লগতে প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা উপস্থিতত থাকে৷ কাৰ্যসূচীৰ অন্তত তৃণমূল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে সাংবাদিক সকলৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় যে, ৰাহুল গান্ধীক অৰ্হতাহীন কৰিব বিচৰা কাৰ্যয়ে বিজেপিয়ে স্বৈৰাছাৰী ৰূপটো বিশ্ববাসীৰ সন্মুখত উদঙাই দিছে ।
লগতে তেওঁ কয় যে, বিজেপি চৰকাৰে দেশত কেৱল মাত্ৰ এটা পাৰ্টিৰ চৰকাৰ শাসন কৰিব বাবেই ময়মতালিৰে তেওঁলোকৰ এজেণ্ডা বনাই ৰাহুল গান্ধীক সাংসদৰ পৰা অৰ্হতাহীন কৰিব বিচৰা বিজেপিৰ স্বৰোপটো স্পষ্ট হৈ পৰিছে ৷ বিজেপিয়ে ৰাহুল গান্ধীক অৰ্হতাহীন কৰিব বিচৰা কাৰ্যয়ে বিৰোধীক অধিক শক্তিশালী কৰি তুলিছে বুলিহে তেওঁ মন্তব্য কৰে।
Also Read: ৰাহুলৰ কান্ধত উঠি ইন্দিৰা গান্ধীৰ দিনলৈ উভতিব খুজিছে নেকি চৰকাৰ ?