Advertisment

ধেমাজিত অনুষ্ঠিত যোগাসন ক্ৰীড়া প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

ধেমাজিত শুকুৰবাৰে সন্ধিয়াৰ পৰা তিনি দিনীয়াকৈ সদৌ অসম ভিত্তিত মুকলিকৈ অনুষ্ঠিত হোৱা যোগাসন ক্ৰীড়া প্ৰতিযোগিতাৰ ফলাফল ইতিমধ্যে অসম যোগাসন ক্ৰীড়া সংস্থাই ঘোষণা কৰিছে৷

author-image
Asomiya Pratidin
New Update
ধেমাজিত অনুষ্ঠিত যোগাসন ক্ৰীড়া প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

ডিজিটিল সংবাদ, ধেমাজিঃ সদৌ তাই আহোম ছাত্ৰ সংস্থা ধেমাজি সদৰ আঞ্চলিক সমিতি আৰু ধেমাজি সদৰ মহিলা সমিতিৰ যৌথ উদ্যোগত যোগাসন ক্ৰীড়া সংস্থাৰ ৰাজ্যিক আৰু জিলা সমিতিৰ সহযোগত শুকুৰবাৰে সন্ধিয়াৰ পৰা তিনি দিনীয়াকৈ সদৌ অসম ভিত্তিত মুকলিকৈ অনুষ্ঠিত হোৱা যোগাসন ক্ৰীড়া প্ৰতিযোগিতাৰ ফলাফল ইতিমধ্যে অসম যোগাসন ক্ৰীড়া সংস্থাই ঘোষণা কৰিছে৷ ফলাফল অনুসৰি লিটুল  চেম্পিয়ন 00 পৰা ১০ বছৰৰ অনুৰ্ধ্বৰ ল’ৰাৰ শাখাৰ পৰম্পৰাগত প্ৰতিযোগিতাত শিৱসাগৰ জিলাৰ যোগাসন ক্ৰীড়া সংস্থাৰ ভাগ্যজ্যোতি চাংমাইয়ে প্ৰথম স্থান লাভ কৰে৷

Advertisment

দ্বিতীয় স্থান লাভ কৰে শিৱসাগৰ জিলাৰ নিভিচ গগৈয়ে আৰু তৃতীয় স্থান লাভ কৰে শিৱসাগৰ জিলাৰ ত্ৰিনভ গগৈয়ে৷ লিটুল চেম্পিয়ন 00 ৰ পৰা ০৯ বছৰৰ অনুৰ্ধ্বৰ ছোৱালী শাখাৰ পৰম্পৰাগত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে শিৱসাগৰ জিলাৰ স্বাধীনা ফুকনে৷ দ্বিতীয় স্থান লাভ কৰে শিৱসাগৰ জিলাৰ আৰোহী দিহিঙীয়াই আৰু তৃতীয় স্থান লাভ কৰে কোকোৰাঝাৰ জিলাৰ মাহি কুণ্ডুয়ে৷

ছাব জুনিয়ৰ ১০ ৰ পৰা ১৫ বছৰৰ অনুৰ্ধ্বৰ ল’ৰা শাখাৰ পৰম্পৰাগত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে যোৰহাট জিলাৰ অংগৰাগ প্ৰীতমে৷দ্বিতীয় স্থান লাভ কৰে শিৱসাগৰ জিলাৰ সুস্মিত চুতীয়াই আৰু তৃতীয় স্থান লাভ কৰে ধেমাজি জিলাৰ বিৰাজ কুমাৰ দাসে৷

ছাব-জুনিয়ৰ ০৯ ৰ পৰা ১৪ বছৰৰ অনুৰ্ধ্বৰ ছোৱালী শাখাৰ পৰম্পৰাগত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে মৰিগাঁও জিলাৰ জাহ্নৱী গোস্বামীয়ে, দ্বিতীয় স্থান লাভ কৰে গোলাঘাট জিলাৰ প্ৰতিশ্ৰুতি শইকীয়াই আৰু তৃতীয় স্থান লাভ কৰে শিৱসাগৰ জিলাৰ নব্যা নন্দিনী গগৈয়ে।

publive-image

জুনিয়ৰত ১৫ ৰ পৰা ২০ বছৰৰ অনুৰ্ধ্বৰ ল’ৰাৰ শাখাৰ পৰম্পৰাগত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে তিনিচুকীয়া জিলাৰ ৰোহিত দেৱনাথে, দ্বিতীয় স্থান লাভ কৰে তিনিচুকীয়া জিলাৰ দ্বীবজ্যোতি সোনোৱালে।  ১৪ ৰ পৰা ১৯ বছৰৰ অনুৰ্ধ্বৰ ছোৱালী শাখাৰ পৰম্পৰাগত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে তিনিচুকীয়া জিলাৰ গাৰ্গী সোনোৱালে। দ্বিতীয় স্থান লাভ কৰে শিৱসাগৰ জিলাৰ পূজা গগৈয়ে আৰু তৃতীয় স্থান লাভ কৰে শিৱসাগৰ জিলাৰ বাগ্মিতা গগৈয়ে৷

২০ ৰ পৰা ২৮ বছৰৰ অনুৰ্ধ্বৰ ল’ৰাৰ শাখাৰ পৰম্পৰাগত প্ৰতিযোগিতাত দৰং জিলাৰ বিশাল ভৰদ্বাজে প্ৰথম স্থান লাভ কৰে৷ ১৯ ৰ পৰা ২৭ বছৰৰ অনুৰ্ধ্বৰ ছোৱালী শাখাৰ পৰম্পৰাগত প্ৰতিযোগিতাত ধেমাজি জিলাৰ জিমি সোণোৱালে প্ৰথম স্থান লাভ কৰে৷ দ্বিতীয় স্থান লাভ কৰে ধেমাজি জিলাৰ বনশ্ৰী বৰা মাছাঙে আৰু তৃতীয় স্থান লাভ কৰে লখিমপুৰ জিলাৰ টিউলিপ শৰ্মাই৷

২৮ ৰ পৰা ৪০ বছৰৰ অনুৰ্ধ্বৰ ছুপাৰ ছিনিয়ৰৰ পুৰুষ শাখাত কামৰূপ মেট্ৰ’ জিলাৰ সুভম ডেকাই প্ৰথম স্থান লাভ কৰে আৰু দ্বিতীয় স্থান লাভ কৰে নলবাৰী জিলাৰ ধ্ৰুৱজ্যোতি হালৈয়ে৷ ২৭ ৰ পৰা ৪০ বছৰৰ অনুৰ্ধ্বৰ ছুপাৰ-ছিনিয়ৰৰ মহিলা শাখাৰ পৰম্পৰাগত প্ৰতিযোগিতাত কোকোৰাঝাৰ জিলাৰ মৌমিতা দত্তই প্ৰথম স্থান লাভ কৰে৷ দ্বিতীয় স্থান লাভ কৰে হোজাই জিলাৰ প্ৰীতি দাসে আৰু তৃতীয় স্থান লাভ কৰে নলবাৰী জিলাৰ নৱনীতা ডেকাই৷

publive-image

৪০ বছৰ উৰ্ধ্বৰ ভেৰ্টান পুৰুষ শাখাৰ পৰম্পৰাগত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ধেমাজি জিলাৰ ৰঞ্জন চুতীয়াই। একেটা শাখাৰে মহিলাত পৰম্পৰাগত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ধেমাজি জিলাৰ মৃণালি সন্দিকৈয়ে৷ দ্বিতীয় স্থান লাভ কৰে লখিমপুৰ জিলাৰ ৰূপাঞ্জলী মৰাঙে আৰু তৃতীয় স্থান লাভ কৰে ধেমাজি জিলাৰ মণিমলা গগৈয়ে৷

অন্য এক আকৰ্ষণীয় প্ৰতিযোগিতা একক কলাত্মক প্ৰতিযোগিতাৰ লিটুল চেম্পিয়ন  অনুৰ্ধ্বৰ ১০ বছৰৰ ল’ৰা শাখাৰ প্ৰতিযোগিতাত প্ৰথমস্থান লাভ কৰে শিৱসাগৰ জিলাৰ ভাগ্যজ্যোতি চাংমায়ে। দ্বিতীয় স্থান লাভ কৰে শিৱসাগৰ জিলাৰ নিভিচ গগৈয়ে আৰু তৃতীয় স্থান লাভ কৰে শিৱসাগৰ জিলাৰ অৱনীশ গগৈয়ে৷ ছোৱালীৰ একেটা শাখাত প্ৰথমস্থান লাভ কৰে শিৱসাগৰ জিলাৰ স্বাধীনা ফুকনে।  দ্বিতীয় স্থান লাভ কৰে শিৱসাগৰ জিলাৰ আৰোহি দিহিঙীয়াই আৰু তৃতীয় স্থান লাভ কৰে শিৱসাগৰ জিলাৰ শুচিব্ৰতা গগৈয়ে৷ 

১০ ৰ পৰা ১৫ বছৰৰ অনুৰ্ধ্বৰ ল’ৰা শাখাৰ একক কলাত্মক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে যোৰহাট জিলাৰ অনুৰাগ প্ৰীতমে, দ্বিতীয় স্থান লাভ কৰে শিৱসাগৰ জিলাৰ সুস্মিত চুতীয়াই আৰু তৃতীয় স্থান লাভ কৰে শিৱসাগৰ জিলাৰ বিশ্বজিৎ দত্তই।

০৯ ৰ পৰা ১৪ বছৰৰ অনুৰ্ধ্বৰ ছোৱালী শাখাৰ একক কলাত্মক প্ৰতিযোগিতাত প্ৰথমস্থান লাভ কৰে মৰিগাঁও জিলাৰ জাহ্নবী গোস্বামীয়ে, দ্বিতীয় স্থান লাভ কৰে শিৱসাগৰ জিলাৰ কৃষ্টিনা বৰবৰুৱাই আৰু তৃতীয় স্থান লাভ কৰে গোলাঘাট জিলাৰ প্ৰতিশ্ৰুতি শইকীয়াই৷ 

১৫ ৰ পৰা ২০ বছৰৰ অনুৰ্ধ্বৰ ল’ৰা শাখাৰ একক কলাত্মক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ডিব্ৰুগড় জিলাৰ চন্দন বৰুৱাই। ১৪ ৰ পৰা ১৯ বছৰৰ অনুৰ্ধ্বৰ ছোৱালী শাখাৰ একক কলাত্মক প্ৰতিযোগিতাত প্ৰথমস্থান লাভ কৰে তিনিচুকীয়া জিলাৰ গাৰ্গী সোনোৱালে, দ্বিতীয় স্থান লাভ কৰে ধেমাজি জিলাৰ ৰাণী সোনোৱালে আৰু তৃতীয় স্থান লাভ কৰে শিৱসাগৰ জিলাৰ পূজা গগৈয়ে৷

publive-image

২০ ৰ পৰা ২৮ বছৰৰ অনুৰ্ধ্বৰ ল’ৰাৰ শাখাৰ একক কলাত্মক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে দৰং জিলাৰ বিশাল ভৰদ্বাজে৷ ১৯ ৰ পৰা ২৭ বছৰৰ অনুৰ্ধ্বৰ ছোৱালী শাখাৰ একক কলাত্মক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ধেমাজি জিলাৰ জিমি সোনোৱালে, দ্বিতীয় স্থান লাভ কৰে ধেমাজি জিলাৰ বনশ্ৰী বৰা মাচাঙে আৰু তৃতীয় স্থান লাভ কৰে কামৰূপ মেট্ৰ’ জিলাৰ প্ৰজ্ঞাশ্ৰী শৰ্মাই৷

২৮ ৰ পৰা ৪০ বছৰৰ অনুৰ্ধ্বৰ ল’ৰা শাখাৰ একক কলাত্মক প্ৰতিযোগিতাত প্ৰথম কামৰূপ মেট্ৰ’ জিলাৰ সুভম ডেকা আৰু দ্বিতীয় স্থান লাভ কৰে ধ্ৰুৱজ্যোতি হালৈয়ে। ২৭ ৰ পৰা ৪০ বছৰৰ অনুৰ্ধ্বৰ ছোৱালী শাখাৰ একক কলাত্মক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে কোকোৰাঝাৰ জিলাৰ মৌমিতা দত্তই, দ্বিতীয় স্থান লাভ কৰে ধেমাজি জিলাৰ ৰুনা বৰাই আৰু তৃতীয় স্থান লাভ কৰে কোকোৰাঝাৰ জিলাৰ সংগীতা মিত্ৰই৷

৯ ৰ পৰা ১৪ বছৰ অনুৰ্ধ্বৰ ল’ৰা শাখাৰ যুটীয়া কলাত্মক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে শিৱসাগৰ জিলাৰ সুস্মিত চুতীয়া আৰু বিশ্বজিৎ দত্তই, দ্বিতীয় স্থান লাভ কৰে শিৱসাগৰ জিলাৰ সমীৰ গগৈ আৰু ময়ূৰ গগৈয়ে আৰু তৃতীয় স্থান লাভ কৰে ধেমাজি জিলাৰ বিৰাজ দাস আৰু কুলদ্বীপ কোঁৱৰে।  

৯ ৰ পৰা ১৪ বছৰৰ অনুৰ্ধ্বৰ ছোৱালী শাখাৰ যুটীয়া কলাত্মক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে শিৱসাগৰ জিলাৰ প্ৰাৰ্থনা ভূঞা আৰু আৰাধ্যা সৃষ্টি মালাকাৰে, দ্বিতীয় স্থান লাভ কৰে শিৱসাগৰ জিলাৰ বিৰিণা গোৱালা আৰু নব্যা নন্দিনী গগৈয়ে আৰু তৃতীয় স্থান লাভ কৰে শোণিতপুৰ জিলাৰ ৰিণিকি কাশ্যপ আৰু স্মৰিকা ডেকাই।

publive-image

১৪ ৰ পৰা ১৯ বছৰৰ অনুৰ্ধ্বৰ ছোৱালী শাখাৰ যুটীয়া কলাত্মক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে পূজা গগৈ আৰু বাগ্মিতা গগৈয়ে,  দ্বিতীয় স্থান লাভ কৰে ধেমাজি জিলাৰ হিমাশ্ৰী ডেকা আৰু অপৰাজিতা শইকীয়া আৰু তৃতীয় স্থান লাভ কৰে ডিব্ৰুগড় জিলাৰ নিৰগুণা চুৰেকা আৰু নিকি গোহাঁইয়ে।

১৯ ৰ পৰা ২৭ বছৰৰ অনুৰ্ধ্বৰ ছোৱালী শাখাৰ যুটীয়া কলাত্মক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ধেমাজি জিলাৰ বনশ্ৰী বৰা মাচাং আৰু জিমি সোনোৱালে, দ্বিতীয় স্থান লাভ কৰে কামৰূপ মেট্ৰ’ জিলাৰ লাকি জিডুং আৰু প্ৰজ্ঞাশ্ৰী শৰ্মাই আৰু তৃতীয় স্থান লাভ কৰে টিউলিপ শৰ্মা আৰু কাব্যশ্ৰী ফুকনে। 

১০ ৰ পৰা ১৫ বছৰৰ অনুৰ্ধ্বৰ ল’ৰা শাখাৰ যুটীয়া ৰিডমিক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে শিৱসাগৰ জিলাৰ সুস্মিত চুতীয়া আৰু বিশ্বজিৎ দত্তই, দ্বিতীয় স্থান লাভ কৰে ডিব্ৰুগড় জিলাৰ চান্তু দাস আৰু ৰৌণক দ্বীপ দত্তই আৰু তৃতীয় স্থান লাভ কৰে ধেমাজি জিলাৰ অনমুল তামুলী আৰু প্ৰিয়াঞ্চু শৰ্মাই।

৯ বছৰৰ পৰা ১৪ বছৰৰ অনুৰ্ধ্বৰ ছোৱালী শাখাৰ যুটীয়া ৰিডমিক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে শিৱসাগৰ জিলাৰ প্ৰাৰ্থনা ভূঞা আৰু বিৰিণা গোৱালে, দ্বিতীয় স্থান লাভ কৰে শিৱসাগৰ জিলাৰ নব্যা নন্দিনী গগৈ আৰু আৰাধ্য সৃষ্টি মালাকাৰে আৰু তৃতীয় স্থান লাভ কৰে লখিমপুৰ জিলাৰ জখস্যা নন্দিনী শৰ্মা আৰু অনুষ্কা শৰ্মাই।

১৪ ৰ পৰা ১৯ বছৰৰ অনুৰ্ধ্বৰ ছোৱালী শাখাৰ যুটীয়া ৰিডমিক প্ৰতিযোগিতাত প্ৰথম ধেমাজি জিলাৰ হিমাশ্ৰী ডেকা আৰু অপৰাজিতা শইকীয়াই, দ্বিতীয় স্থান লাভ কৰে পূজা গগৈ আৰু বাগ্মিতা গগৈয়ে আৰু তৃতীয় স্থান লাভ কৰে মৃগাকশ্ৰী হাজৰিকা আৰু ধানভি বৰুৱাই। ১৯ ৰ পৰা ২৭ বছৰৰ অনুৰ্ধ্বৰ ছোৱালী শাখাৰ যুটীয়া ৰিডমিক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ধেমাজি জিলাৰ জিমি সোনোৱাল আৰু বনশ্ৰী বৰা মাচাঙে, দ্বিতীয় স্থান লাভ কৰে লখিমপুৰ জিলাৰ টিউলিপ শৰ্মা আৰু কাব্যশ্ৰী ফুকনে আৰু তৃতীয় স্থান লাভ কৰে লাকি জিডুং আৰু প্ৰজ্ঞাশ্ৰী শৰ্মাই।

১০ পৰা ১৫ বছৰৰ অনুৰ্ধ্বৰ ল’ৰা শাখাৰ পাঁচ জন প্ৰতিযোগীৰ দ্বাৰা হোৱা দলীয় কলাত্মক যোগাসন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ধেমাজি জিলাৰ অনমুল তামুলী, মনজিম জ্যোতি গগৈ, প্ৰিয়াঞ্চু শৰ্মা, কুলদ্বীপ কোঁৱৰ আৰু বিৰাজ দাসে।

৯ ৰ‌ পৰা ১৪ বছৰৰ অনুৰ্ধ্বৰ ছোৱালী শাখাৰ দলীয় কলাত্মক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ধেমাজি জিলাৰ নেইনা চুতীয়া, ৰূপালী টায়ে, জোৎস্না চুতীয়া, উপাসনা বৰুৱা আৰু দৃষ্টি প্ৰীয়া সোণোৱালে, দ্বিতীয় স্থান লাভ কৰে শিৱসাগৰ জিলাৰ কৃষ্টিনা বৰবৰুৱা, বাৰ্বী শইকীয়া, স্বাগতা গগৈ, আৰাধ্যা মোহন আৰু শান্তি প্ৰিয়া মোহন আৰু তৃতীয় স্থান লাভ কৰে লখিমপুৰ জিলাৰ জাহ্নৱী চুতীয়া, ময়ূৰী তৃষ্ণা গগৈ, চায়া স্নিগ্ধা বৰা, জয়ীতা বৰা,  গৰিমা গোহাঁইয়ে৷

প্ৰতিটো শাখাৰ প্ৰথম প্ৰতিযোগীসকলৰ মাজত হোৱা প্ৰতিযোগিতাৰ ভিতৰত ‘যোগ কুমাৰ অসম-২০২৫’ ৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় শিৱসাগৰ জিলাৰ ভাগ্য জ্যোতি চাংমাইয়ে,  ‘যোগ কুমাৰী অসম-২০২৫’ ৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় মৰিগাঁও জিলাৰ জাহ্নৱী গোস্বামীয়ে।

‘ যোগ সম্ৰাট অসম-২০২৫’ ৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় তিনিচুকীয়া জিলাৰ ৰোহিত দেৱনাথে আৰু ‘যোগ সম্ৰাগী অসম-২০২৫’ ৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় তিনিচুকীয়া জিলাৰ গাৰ্গী সোণোৱালে। ইয়াৰ উপৰিও সৰ্বোচ্চ ৬২ সংখ্যক নম্বৰেৰে শিৱসাগৰ জিলা যোগাসন ক্ৰীড়া সংস্থাই সৰ্বশ্ৰেষ্ঠ বিজয়ী দলৰ সন্মান লাভ কৰে আৰু ৩৮ সংখ্যাক নম্বৰেৰে ধেমাজি জিলা যোগাসন ক্ৰীড়া সংস্থাই দ্বিতীয় সৰ্বশ্ৰেষ্ঠ বিজয়ী দলৰ সন্মান লাভ কৰে৷

জয়ী সকলো প্ৰতিযোগীলৈ অসম যোগাসন ক্ৰীড়া সংস্থাৰ সভাপতি ড° হীৰেন চৰকাৰ, সাধাৰণ সম্পাদক নলিন নাথ, কোষাধ্যক্ষ ধীৰেন শৰ্মা, সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ টেকনিকেল ছেয়াৰমেন তথা যোগাসন ক্ৰীড়া সন্থাৰ আন্তঃৰাষ্ট্ৰীয় বিচাৰক প্ৰাৰ্থ প্ৰতিম গগৈৰ লগতে উদযাপন সমিতিৰ বিষয়ববীয়া তথা সদৌ তাই আহোম ছাত্ৰ সন্হাৰ উপ-সভাপতি মনোজ গগৈ, ধেমাজি জিলা আটাছুৰ সাধাৰণ সম্পাদক পংকজ বৰগোহাঁই উপৰিও ধেমাজি জিলা সদৰ আঞ্চলিক সমিতি আৰু সদৰ মহিলা সমিতিয়ে শুভেচ্ছা জনাই বটাঁ প্ৰদান কৰে৷

অহা ২৮ মাৰ্চ পৰা কেৰেলাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত এইসকল প্ৰতিযোগীয়ে অসমৰ হৈ অংশগ্ৰহণ কৰিব বুলি যোগাসন ক্ৰীড়া সংস্থাৰ অসমৰ সভাপতি আৰু সাধাৰণ সম্পাদকে জনাইঁছে৷

যোগাসন যোগাসন প্ৰতিযোগিতা