ধেমাজিত গণতন্ত্ৰৰ দিৱসৰ পতাকা উন্মোচন

সমগ্ৰ দেশৰ লগতে শুকুৰবাৰে ধেমাজিতো ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত কাছাৰী ময়দানত উলহমালহেৰে উদযাপন কৰা হয় দেশৰ ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস ৷

author-image
Asomiya Pratidin
New Update
ধেমাজিত গণতন্ত্ৰৰ দিৱসৰ পতাকা উন্মোচন

ডিজিটেল সংবাদ ,ধেমাজিঃ সমগ্ৰ দেশৰ লগতে শুকুৰবাৰে ধেমাজিতো ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত কাছাৰী ময়দানত উলহমালহেৰে উদযাপন কৰা হয় দেশৰ ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস ৷ পুৱা ৯.০০ বজাত ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ মন্ত্ৰী যোগেন মোহনে গণতন্ত্ৰ দিৱসৰ পতাকা উন্মোচন কৰে ৷

Advertisment

পতাকা উন্মোচন কৰি মন্ত্ৰী গৰাকীয়ে বক্তব্যত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ বীৰঙ্গনা সকলৰ প্ৰতি শ্ৰদ্ধাৰে স্মৃৰণ জনোৱাৰ লগতে চৰকাখনে বৰ্তমানে বিভিন্ন বিভাগত জনসাধাৰণৰ বাবে কৰি অহা উন্নয়নমূলক আচঁনিৰ সমূহৰ বিষয়ে উল্লেখ কৰে ৷ এইবাৰ পেৰেড গ্ৰাউণ্ডত গৃহৰক্ষী বাহিনী ,অসম পুলিছ ,এন. চি. চি বয়ছ ,এন. চি .চি গাৰ্লছ , স্কাউট গাইড আৰু বিভিন্ন স্কুল কলেজৰ ছাত্ৰ- ছাত্ৰী সকলকে ধৰি ৩০ দলে প্ৰদৰ্শন কৰা কুজকাৱাজৰ অভিবাদন গ্ৰহন কৰে মন্ত্ৰীগৰাকীয়ে ৷

Also Read: ৰাঙলু এ কে মেমৰিয়েল নেচনেল একাডেমীত গণতন্ত্ৰ দিৱস

republic day dhemaji