পবা বৰ্ষাৰণ্যক অভয়াৰণ্যৰ স্বীকৃতিঃ বিধায়ক ভূৱন পেগুক বিপুল সম্বৰ্ধনা...

চিলাপথাৰত বিভিন্ন দল, সংগঠনে জনালে আদৰণি

author-image
Asomiya Pratidin
New Update
পবা বৰ্ষাৰণ্যক অভয়াৰণ্যৰ স্বীকৃতিঃ বিধায়ক ভূৱন পেগুক বিপুল সম্বৰ্ধনা...

পবা বৰ্ষাৰণ্যক অভয়াৰণ্যৰ স্বীকৃতিঃ বিধায়ক ভূৱন পেগুক বিপুল সম্বৰ্ধনা...

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলাৰ একমাত্ৰ বৰ্ষাৰণ্য জোনাই মহকুমাৰ পবাক অসম বিধানসভাই অভয়াৰণ্য হিচাপে ঘোষণা কৰাত আনন্দিত হৈ পৰিছে ৰাইজ। ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান জনাই পবাক অভয়াৰণ্যৰ স্বিকৃতি দিয়াত উৎফুল্লিত বিভিন্ন দল সংগঠনে শুকুৰবাৰে আতশবাজি ফুটাই আনন্দ প্ৰকাশ কৰে।

Advertisment

ইয়াৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা,বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে জোনাইৰ বিধায়ক ভূৱন পেগুক ধন্যবাদ জ্ঞাপন কৰে চিলাপথাৰবাসী ৰাইজে। বৰ্ষাৰণ্য পবাক অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়াত বিশেষ তাৎপৰতা লোৱা জোনাইৰ বিধায়ক ভূৱন পেগুক বিশেষভাৱে কৃতজ্ঞতা জনাইছে ৰাইজে।

আজি ৰাজধানী চহৰৰ পৰা ৰে'ল যোগে আহি চিলাপথাৰত উপস্থিত হোৱা বিধায়ক ভূবন পেগুক ফুলাম গামোচাৰ বিপুল আদৰণি জনালে স্থানীয় বিভিন্ন দল, সংগঠনে।জৈৱ, বৈচিত্ৰৰ সুৰক্ষা আৰু জলবায়ুৰ ভাৰসাম্য ৰক্ষাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা বৰ্ষাৰণ্য পবাই অভয়াৰণ্যৰ মৰ্যদা লাভ কৰাটো সমগ্ৰ জিলাবাসীৰ বাবে সুখবৰ বুলি মন্তব্য কৰে বিধায়কজনে।

একেদৰে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত শইকীয়াই পবাক অভয়াৰণ্যলৈ উন্নীত কৰাটো এটা গৌৰৱৰ কথা বুলি মন্তব্য কৰি ইয়াৰ বাবে দীৰ্ঘদিনে বিধানসভাত ৰাইজৰ সজোৰ দাবী উপস্থাপন কৰি অহা স্থানীয় বিধায়ক ভূৱন পেগুক ধন্যবাদ জনালে।

Also Read: গুৱাহাটীত ১৫ বছৰীয়া এটা ড্ৰাগছ আসক্ত কিশোৰে জ্বলাকলা খোৱালে আৰক্ষী, SDRF ক...

পবা বৰ্ষাৰণ্য চিলাপথাৰ ভূৱন পেগু