গুৱাহাটীত ১৫ বছৰীয়া এটা ড্ৰাগছ আসক্ত কিশোৰে জ্বলাকলা খোৱালে আৰক্ষী, SDRF ক...

অপৰাধ মানসিকতাৰ এই কিশোৰটো ড্ৰাগছ আসক্ত

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত ১৫ বছৰীয়া এটা ড্ৰাগছ আসক্ত কিশোৰে জ্বলাকলা খোৱালে আৰক্ষী, SDRF ক...

গুৱাহাটীত ১৫ বছৰীয়া এটা ড্ৰাগছ আসক্ত কিশোৰে জ্বলাকলা খোৱালে আৰক্ষী, SDRF ক...

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ ছাৰ্ভে অঞ্চলৰ অজন্তা পথৰ এটা নলাত জাঁপ দিয়া ১৫ বছৰীয়া কিশোৰটো সুস্থ হৈ আছে। এছ ডি আৰ এফে উদ্ধাৰ অভিযান চলাই থকাৰ মাজতে কিশোৰটোৱে যিটো মোবাইল লৈ নলাত জাঁপ দিছিল সেই মোবাইলৰ জৰিয়তেই মাকলৈ ফোন কৰি নলাৰ পৰা উঠি অহা বুলি জনাইছে।

Advertisment

ইয়াৰ পিছতে উদ্ধাৰকাৰীয়ে নলাৰ শ্লেব আঁতৰাই চলাই থকা উদ্ধাৰ অভিযান সামৰণি মাৰিছে। সমান্তৰালকৈ আৰক্ষীক বিপথে পৰিচালিত কৰাৰ বাবে কিশোৰটোৰ মাতৃক থানালৈ লৈ গৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, আজি পুৱাই অজন্তা পথৰ এটা নলাত জাঁপ দিছিল ১৫ বছৰীয়া এটা কিশোৰে। ড্ৰাগছ আসক্ত হৈ প্ৰায়ে ঘৰৰ পৰা বাহিৰত থকা এই কিশোৰটো শুকুৰবাৰে নিশা ঘৰলৈ আহি পিতৃ-মাতৃক ১০০০ টকা বিচাৰিছিল।

কিন্তু পিতৃ-মাতৃয়ে সেই ধন নিদিয়াত কিশোৰটোৱে আজি পুৱাই ভনীয়েকৰ মোবাইল ফোনটো লৈ পলায়ন কৰে। এই কথা জানিব পাৰি পিতৃয়েও তাক ধৰিবলৈ পিছে পিছে দৌৰ দিয়াত অজন্তা পথৰ এটা নলাত জাঁপ দিছিল।

ইয়াৰ পিছতে আৰম্ভ হৈছিল এক শ্বাসৰুদ্ধকৰ উদ্ধাৰ অভিযান। এছ ডি আৰ এফে নলাৰ শ্লেব আঁতৰাই নলাৰ দুৰ্গোন্ধকো নেওচি চলাই থকা এই উদ্ধাৰ অভিযানৰ মাজতে কিশোৰটোৱে মাকলৈ ফোন কৰি শিজুবাৰীৰ কাষত থকা বুলি জনাইছিল।

সেই মতেই উদ্ধাৰকাৰীয়ে শিজুবাৰী অঞ্চললৈ গৈ তাতো উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল যদিও সেই স্থানত তাৰ কোনো সম্ভেদ নাপালে। পিছত পুনৰ অজন্তা পথলৈ ঘূৰি আহি উদ্ধাৰ অভিযান চলাই এছ ডি আৰ এফে।

প্ৰথম অৱস্থাত কিশোৰটোৰ হাতত থকা মোবাইলটো অন হৈ আছিল যদিও পুৱা প্ৰায় ৮-৩০ বজাৰ পিছত সেই মোবাইল ফোনটোও বন্ধ হৈ পৰে। এই ঘটনাৰ বাতৰি সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে প্ৰচাৰ হৈ থকাৰ মাজতেই পুনৰ কিশোৰটোৰ মাকে জানিবলৈ দিয়ে তেওঁৰ পুত্ৰই ফোন কৰি কৈছে নলাৰ পৰা উঠি গৈছে। বিচাৰিব নালাগে।

ইয়াৰ পিছতে উদ্ধাৰকাৰীয়ে উদ্ধাৰ অভিযানৰ সামৰণি মাৰে। ইফালে আৰক্ষীয়ে মাকক এই সন্দৰ্ভত সোধপোছ কৰাত মাকৰ ভাষ্যত খেলিমেলি পোৱাত আৰক্ষীয়ে তেওঁক বিপথে পৰিচালিত কৰাৰ অভিযোগত আৰক্ষী থানালৈ লৈ গৈছে বুলিও জানিব পৰা গৈছে।

ইফালে ১৫ বছৰীয়া এই কিশোৰটো কেৱল নিচাযুক্ত দ্ৰব্য সেৱন কৰাতেই সীমাবদ্ধ হৈ থকা নাই। আজিৰ পৰা ৪ মাহ পূৰ্বে এক চুৰি কাৰ্যও সংঘটিত কৰিছিল এই কিশোৰটোৱে। ৫০ হাজাৰ টকা চুৰি কৰি আটক হৈছিল।

Also Read: গুৱাহাটীত পুৱাই অঘটনঃ নিচাযুক্ত দ্ৰব্য ক্ৰয় কৰিবলৈ ধন নিদিয়াৰ বাবেই নলাত জাঁপ দিলে কিশোৰে !

ড্ৰাগছ আসক্ত অপৰাধ গুৱাহাটী আৰক্ষী