/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/cbf99b72-1eb3-46ac-b5ff-589117238c00/8.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: "ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযান"ৰ অধীনত ধেমাজি জিলাৰ মৰিঢল মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত সোমবাৰে অনুষ্ঠিত কৰা হয় জিলা ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা। ধেমাজি জিলাৰ বৰদলনি , ধেমাজি আৰু মুৰকংছেলেক তিনিটা শিক্ষা খণ্ডত ইতিপূৰ্বে বিদ্যালয় সমূহৰ নিৰ্বাচিত প্ৰতিযোগী দল সমূহৰ মাজত অনুষ্ঠিত জিলা পৰ্য্যায়ৰ "মুকলি কুইজ প্ৰতিযোগিতা"খনত প্ৰতিযোগী দল সমূহৰ উপৰিও বিদ্যালয় সমূহৰ শিক্ষক সকলেও অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/74b60d52-e124-409d-8cca-abc1808dea6c/8be4cfed_4da6_43fa_97c5_d5c2924cafdc.jpg)
ধেমাজি জিলা শিক্ষা বিষয়া কবিতা ডেকা, জিলা আঁচনি বিষয়া অৰুণিমা দুৱৰা, ধেমাজি শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি কনক গগৈ আৰু মণ্ডল সমন্বয়ক ভাস্কৰ ৰাজবংশী আদি উপস্থিত থকা কুইজ প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে মৰিধল মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ দীপেন শইকীয়াই। মনোজ্ঞ প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰি অধ্যক্ষ ডঃ শইকীয়াই সাম্প্ৰতিক বিশ্বায়নৰ যুগত আৰু প্ৰতিযোগিতামুখী প্ৰেক্ষাপটত নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰী সকলে নিজস্ব মেধাত্বৰ জৰিয়তে আত্মপ্ৰতিষ্ঠা লাভ কৰিব পাৰে বুলি মন্তব্য কৰি যিসকল শিক্ষাৰ্থীয়ে এনে ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তেনে ছাত্ৰ ছাত্ৰীয়েহে প্ৰতিযোগিতা মূলক পৰীক্ষা বোৰত অনায়াসে সফলতা লাভ কৰিব পাৰে বুলি মন্তব্য কৰে।
খণ্ড সমল ব্যক্তি মুকুল সুতৰ সঞ্চালনাত অনুষ্ঠিত প্ৰতিযোগিতাখন পৰিচালনা কৰে কুইজ মাষ্টাৰ চিৰঞ্জীৱ শইকীয়াই । অতি শৃঙ্খলিত ভাবে অনুষ্ঠিত প্ৰতিযোগিতাত উচ্চ প্ৰাথমিক শাখাত প্ৰথম স্থান লাভ কৰে বিষ্ণুপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ লক্ষ্যজিত কলিতা আৰু ত্ৰিনয়ন হাজৰিকাৰ দলটিয়ে । দ্বিতীয় স্থান চিমেন চাপৰি ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ দশনি বৰা আৰু মণিকা দাসৰ দলে , তৃতীয় স্থান আদৰ্শ বিদ্যালয়ৰ ধৃতিৰাজ পেগু আৰু সত্যজিৎ পাচুংৰ দলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/85490cb3-9f45-4855-9284-c3e238fb9666/7fd27ce4_d15f_4f34_b45d_5233e7ef1e11.jpg)
মাধ্যমিক শাখাত প্ৰথম স্থান চিমেন চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱজ্যোতি বৰুৱা আৰু ধৃষ্ণিময় তামুলীৰ দলে ,দ্বিতীয় স্থান গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বুল বুল বৰা আৰু পাইলট চুংক্ৰাংৰ দলে, তৃতীয় স্থান নিলখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাজপল শইকীয়া আৰু নিলোৎপল শইকীয়াৰ দলে । পৰৱৰ্তী সময়ত অনুষ্ঠিত বঁটা বিতৰণী সভাত ধেমাজি জিলাৰ জিলা শিক্ষা বিষয়া কবিতা ডেকাই দুয়োটা শাখাতে অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীক অভিনন্দন জনায় । তেখেতে ভাষণ প্ৰসংগত ছাত্ৰ ছাত্ৰী সকলৰ বৌদ্ধিক বিকাশত কুইজৰ প্ৰাসংগিকতা আৰু এনে প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী সকলে অতি সহজেই নিজৰ কৰ্ম ক্ষেত্ৰ বাছি লোৱাত সহায়ক হব পাৰে বুলি মন্তব্য কৰে।
জিলা ভিত্তিৰ প্ৰতিযোগিতাত বিজয়ী সকলক ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হব লগা মুকলি কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যাতে জিলাখনলৈ অনাবিল গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ বাবে এতিয়াৰ পৰাই প্ৰস্তুতি চলাই যাবলৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায় । শিক্ষা বিষয়া গৰাকীয়ে যিসকল প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত বিশেষ সফলতা অর্জন কৰিব।নোৱাৰিলে সেইসকল ছাত্ৰ ছাত্ৰীকো নিৰাশ নহৈ অনাগত দিনৰ বাবে প্ৰস্তুতি কৰি যাবলৈ আহ্বান জনায় আৰু তত্বাৱধায়ক শিক্ষাগুৰু সকলক বিদ্যাৰ্থী সকলক উৎসাহিত কৰিবলৈ আহ্বান জনায় ।
ইয়াৰ পাছতে বিজয়ী দলসমূহৰ প্ৰতি গৰাকী প্ৰতিযোগীক একোখনকৈ প্ৰশংসা পত্ৰ, গ্ৰন্থ সম্ভাৰৰ লগতে বিদ্যালয়ৰ বাবে একোটাকৈ স্মাৰক প্ৰদান কৰা হয় । ইপিনে অংশগ্ৰহণকাৰী প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকো একোখনকৈ প্ৰশংসা পত্ৰ প্ৰদান কৰি উৎসাহিত কৰা হয়।
Also Read: বিলাসীপাৰাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত উদ্ধাৰ যুৱকৰ মৃতদেহ