ধেমাজি মহাবিদ্যালয়ত ৰাসায়ন বিভাগৰ নতুন গৃহৰ আধাৰশিলা স্থাপন

ধেমাজি মহাবিদ্যালয়ত ৰাসায়ন বিভাগৰ নতুন গৃহৰ আধাৰশিলা স্থাপন

ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি জিলাৰ উচ্চ শিক্ষাৰ অগ্ৰনী অনুষ্ঠান ধেমাজি মহাবিদ্যালয়ত দেওবাৰে ৯৯.৭৫ লাখ টকা আৱন্টিত ধনেৰে ৰাসায়ন বিজ্ঞান বিভাগৰ নতুন গৃহৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে ধেমাজি সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু লখিমপুৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱাই ৷ এই উপলক্ষে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি সভা অনুষ্ঠিত হয় ৷

ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগে সভাৰ আৰম্ভণিতে উপস্থিত অতিথিসকলক আদৰণি জনায়। মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এনে পুঁজি যোগান ধৰাৰ বাবে শিক্ষা মন্ত্ৰী আৰু লখিমপুৰ লোক সভাৰ সাংসদ গৰাকীক অধ্যক্ষ গৰাকীয়ে কৃতজ্ঞতা আৰু ধন্যবাদ জনায় ৷

সভাত লখিমপুৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে বক্তব্যত মহাবিদ্যালয়খনৰ সৰ্বাঙ্গীন উন্নয়নৰ কাৰণে সদায় সহযোগিতা আগবঢ়াই যোৱা আশ্বাস প্ৰদান কৰে ৷ ইফালে শিক্ষামন্ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰী উদ্দেশ্যি দিয়া বক্তব্যত শিক্ষা ব্যৱস্থা এতিয়া আগৰ দৰে হৈ থকা নাই বুলি উল্লেখ কৰে।

লগতে কয় যে, শিক্ষা ব্যৱস্থা বৰ্তমান ডিজিটেল শিক্ষা ব্যৱস্থালৈ আগবাঢ়ি গৈছে ৷ সেইয়ে হয়তো আৰু এবছৰমান পিছৰে পৰা মহাবিদ্যালয়ৰ চাকৰি পাবৰ বাবে ভাল ডিগ্ৰী বা ভাল প্ৰমানপত্ৰ থাকিলেও চাকৰি নিযুক্তি নাপাব পাৰে, যদিহে তেওঁৰ দক্ষতাপূৰ্ণ (স্কীল) শিক্ষাৰ জ্ঞান নাথাকে ৷

বক্তব্যত মন্ত্ৰী গৰাকীয়ে বিভিন্ন ধৰণৰ দক্ষতাপূৰ্ণ শিক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীক সকলক আহবান জনায় ৷ সভাত ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী আৰু ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰেও উপস্থিত থাকে ৷

ধেমাজি মহাবিদ্যালয়ত ৰাসায়ন বিভাগৰ নতুন গৃহৰ আধাৰশিলা স্থাপন
ঢকুৱাখনাৰ ভৌগলিক অস্তিত্বলৈ ভয়াবহ দুৰ্যোগ নামি অহাৰ আশংকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in