ঢকুৱাখনাৰ ভৌগলিক অস্তিত্বলৈ ভয়াবহ দুৰ্যোগ নামি অহাৰ আশংকা

ঢকুৱাখনাৰ ভৌগলিক অস্তিত্বলৈ ভয়াবহ দুৰ্যোগ নামি অহাৰ আশংকা

ডিজিটেল সংবাদ,ঢকুৱাখনা: অসমৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰৰ ভয়াবহ আগ্ৰাসনৰ কবলত পৰি ঢকুৱাখনাৰ ভৌগলিক অস্তিত্বলৈ পুনৰ ভয়াবহ দুৰ্যোগ নামি অহাৰ আশংকাই দেখা দিছে ।  ব্ৰহ্মপুত্ৰ সৃষ্ট এনে তাণ্ডৱৰ বাস্তৱিক অধ্যয়ন পৰ্যবেক্ষণ আৰু পৰিদর্শনৰ এক অভিযান দেওবাৰে চলোৱা হয় । মিচিং স্বায়ত্ব শাসিত পৰিষদ আৰু মিচিং জাতীয় সংগঠনৰ যৌথ উদ্যোগত দেওবাৰে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে চলোৱা হয় এই জৰীপ অভিযান।

ব্ৰহ্মপুত্ৰৰ দীৰ্ঘদিন জোৰা গৰাখহনীয়া সমস্যাৰ বাস্তৱ সন্মত স্থায়ী সমাধান সূত্ৰ উদ্ভাৱনৰ লক্ষ্যৰে দেওবাৰে চলোৱা হয় এই জৰীপ অভিযান।

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তথা পূব ঢকুৱাখনা মাতমৰা পৰিষদিয় সমষ্টিৰ সদস্য সুনীল কুমাৰ পেগুৰ নেতৃত্বত চলোৱা হয় এই যুটীয়া জৰীপ অভিযান।

নদীপৰিয়াৰ  চকুলো হৈ প্ৰবাহিত বৰ লুইতৰ বুকুত জাহ যোৱা মাটি পুনৰোদ্ধাৰ কৰাৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ আঁচনি গ্ৰহণৰ প্ৰয়োজনীয়তা স্থিৰ কৰিবলৈ  যুটীয়া জৰীপকাৰী দলটোৱে  বৰ লুইতৰ পাৰৰ বামুনি চাপৰিৰ পৰা বান্দেনা বাঘচুক অঞ্চললৈ পদব্ৰজে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে গৈ খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে ।

ব্ৰহ্মপুত্ৰৰ ভয়াবহ আগ্ৰাসনৰ কবলত পৰা বান্দেনা অঞ্চলত উপস্থিত হৈ স্তম্ভিত হয় জৰীপকাৰী দলটো।

বিশেষ ভাবে বৰ লুইতৰ দুটা নতুন  বৃহৎ সুঁতিয়ে বান্দেনা দিশলৈ গতি কৰা প্ৰত্যক্ষ কৰি অনাগত সময়ত ভয়াবহ বিপদ নমাই অনাৰ আশঙ্কাত সন্ত্ৰস্ত হয় দলটো।

জৰীপ কালত বান্দেনাৰ পুৰণা বান্ধৰ সমীপৰ উপৰিও  বাহিৰ কপচান , যোগিসুঁতি , থুৰিবাৰী , জাঁজী আৰ্কেপ আদি অঞ্চলত পুনৰ শিহৰণকাৰী খহনীয়া আৰম্ভ হোৱাৰ সম্ভাৱনা উপলব্ধি কৰে দলটোৱে । ঢকুৱাখনাৰ ভৌগলিক অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত সমাগত বাৰিষাৰ পূৰ্বে ক্ষীপ্ৰতাৰে প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰাৰ অন্যথাই ঢকুৱাখনাৰ প্ৰতি জটিল সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকাশ  কৰে দলটোৱে।

মিচিং জাতীয় সংগঠন টি এম পি কে আৰু এম এম কেৰ কেন্দ্ৰীয় আৰু জিলা বিষয়ববীয়া ক্ৰমে যতীন পেগু , বৃগেন দলে , দীপাঞ্জল দলে ,অমৰজিত দলে ,সুৰেশ দলে, মোহন পেগু,জিতেন পেগু, মৃদুল দলে, প্ৰদীপ ময়ঙ, ঘন কুলি, মুকুল লাগাচু আদিৰ লগতে আঞ্চলিক সদস্য সকলেও  পূৰ্ণ সহযোগিতা আগবঢ়াই এই জৰীপত অভিযানত।

অভিযানৰ অন্তত দলটোৱে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী  পিজুছ হাজৰিকাক এনেবোৰ  স্পৰ্শকাতৰ এলেকাত বাৰিষাৰ পূৰ্বে জৰুৰী খহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

তাৰোপৰি  নদীপৰিয়া নাগৰিকৰ জীৱন সম্পত্তিৰ সুৰক্ষাৰ   স্বাৰ্থত পৰিষদলৈ আবন্তিত সীমিত পুঁজিৰেও মিচিং স্বায়ত্ব শাসিত পৰিষদে এনেবোৰ অঞ্চলত অচিৰেই প্ৰতিৰোধ আঁচনি গ্ৰহন কৰিব বুলি প্ৰত্যয়েৰে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে এম এ চিৰ অধ্যক্ষ সুনীল পেগুৱে ।

ঢকুৱাখনাৰ ভৌগলিক অস্তিত্ব সুৰক্ষিত কৰাৰ স্বাৰ্থত এম এ চি আৰু জাতীয় সংগঠনৰ এনে যৌথ প্ৰয়াস যথাৰ্থতে প্ৰশংসনীয় হিচাবে ধৰা দিছে ।

ঢকুৱাখনাৰ ভৌগলিক অস্তিত্বলৈ ভয়াবহ দুৰ্যোগ নামি অহাৰ আশংকা
অৱসৰী অধ্যাপক যোগানন্দ বৰা অসম আবৃত্তি মঞ্চৰ সভাপতি নিৰ্বাচিত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in