সমাগত লোকসভা নিৰ্বাচনঃ চিলাপথাৰত আকস্মিক পদধূলা শীৰ্ষ কংগ্ৰেছ নেত্ৰীৰ

সমাগত লোকসভা নিৰ্বাচনঃ চিলাপথাৰত আকস্মিক পদধূলা শীৰ্ষ কংগ্ৰেছ নেত্ৰীৰ

ডিজিটেল সংবাদ, ধেমাজিঃ চিলাপথাৰত আকস্মিকভাৱে উপস্থিত হ'ল শীৰ্ষ কংগ্ৰেছ নেত্ৰী তথা লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ড০ ৰাণী নৰহ। মঙলবাৰৰ নিশা চিলাপথাৰ নগৰৰ অকাজানৰ হৰিনাথ পেগু নামৰ জ্যেষ্ঠ কংগ্ৰেছৰ দলীয় কৰ্মীজনক সাক্ষাৎ কৰিবলৈ উপস্থিত হয় প্ৰাক্তন সাংসদগৰাকী। দলৰ সাংগঠনিক কাম-কাজত ড০ নৰহক সচৰাচৰ দেখা পোৱা নাযায় যদিও হঠাৎ তেওঁৰ আগমনৰ বতৰা পাই অকাজানত সমবেত হ'ল বহু দলীয় নেতা-কৰ্মী।

দুবাৰকৈ উত্তৰ লখিমপুৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা ড০ নৰহে হাইঠা মাটিত পৰাদি আচম্বিতে চিলাপথাৰত উপস্থিত হৈ দলীয় নেতা-কৰ্মীৰ সৈতে আলোচনাত মিলিত হয়। তেওঁৰ এই তৎপৰতাক নিৰ্বাচনী কেন্দ্ৰীক বুলি মত প্ৰকাশ একাংশৰ। এই সন্দৰ্ভত তেওঁ হাইকমাণ্ডে বিচাৰিলে ২০২৪ৰ লোকসভা নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু বুলি মত প্ৰকাশ কৰে।

উল্লেখ্য বজৰং দলে মুকলিকৈ মাৰণাস্ত্ৰৰ প্ৰশিক্ষণ দিয়া ঘটনাৰ সন্দৰ্ভত সাংবাদিকৰ আগত মত ব্যক্ত কৰি তেওঁ কয় যে- অস্ত্ৰ কেৱল গৃহ বিভাগৰ লগতে থাকিব পাৰে। যদিহে অবৈধভাৱে কোনো ব্যক্তি বা লোকে অস্ত্ৰ প্ৰশিক্ষণ দিছে তেন্তে চৰকাৰে ততালিকে ব্যৱস্থা গ্ৰহণ কৰি গ্ৰেপ্তাৰ কৰিব লাগে।

সমাগত লোকসভা নিৰ্বাচনঃ চিলাপথাৰত আকস্মিক পদধূলা শীৰ্ষ কংগ্ৰেছ নেত্ৰীৰ
বাছৰ খুন্দাত বাগৰি পৰিল ককা-নাতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in