এই মুহূৰ্তৰ খবৰ
অসম
বাছৰ খুন্দাত বাগৰি পৰিল ককা-নাতি
ডিজিটেল ডেস্কঃ বকোত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা। এখন বাছে নিয়ন্ত্রণ হেৰুৱাই স্কুটী আৰোহীক খুন্দা মৰাত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে দুই স্কুটী আৰোহী।
আহত স্কুটী আৰোহীকেইজন ককাক-নাতিয়েক বুলি জানিব পৰা গৈছে। নাতিয়েকক বিদ্যালয়ৰ পৰা অনাৰ মুহূৰ্ততে সংঘটিত এই দুৰ্ঘটনা। উল্লেখ্য বকো আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাছখনক ইতিমধ্যেই জব্দ কৰিছে।