/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-21/icqh5zn8/e0b720f8-9376-4fbd-afbb-abef3f46f03d.jpg)
ডিজিটেল সংবাদ,ধেমাজি : ধেমাজিৰ পৰা শোণিতপুৰ জিলালৈ অংকুৰ ভৰালীয়ে বদলি হৈ যোৱাৰ পিছত ধেমাজিৰ জিলা নতুন আয়ুক্ত হিচাপে শনিবাৰে আই.এ.এচ বিষয়া ৰাহুল জাভিৰ সুৰেশে যোগদান কৰে । ২০১৮ চনৰ ভাৰতীয় প্ৰশাসনিক বিষয়া ৰাহুল জাভিৰ সুৰেশে ইয়াৰ পূৰ্বে ওদালগুৰি জিলাৰ আয়ুক্ত আছিল ৷
শনিবাৰে যোগদান কৰা নতুন জিলা আয়ুক্তগৰাকীক জিলা আয়ুক্ত কাৰ্য্যালয়ৰ অন্যান্য বিষয়া কৰ্মচাৰীসকলে আদৰণি জনায় ৷