বঢ়মপুৰ সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

বঢ়মপুৰ সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰ সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

ডিজিটেল সংবাদ, বঢ়মপুৰ : নগাঁও জিলাৰ বঢ়মপুৰ সমবায় সমিতি লিমিটেডৰ কাৰ্য্যালয় প্ৰাঙ্গনত শনিবাৰে বঢ়মপুৰ সমবায় সমিতি লিমিটেডৰ ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত হয়। বঢ়মপুৰ সমবায় সমিতিৰ উপ-সভাপতি ৰমেশ চন্দ্ৰ হাজৰিকাৰ পৰিচালনাত অনুষ্ঠিত সভাৰ আঁত ধৰে সম্পাদক মনোজ কুমাৰ ভূঞাই।

Advertisment

সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বিভাগীয় পৰ্যবেক্ষক কল্যাণ দে , বঢ়মপুৰ বাৰেগঞা সমাজৰ সভাপতি দয়াৰাম কলিতা , প্ৰাক্তন উপ- সভাপতি থুলুক বৰা , আভ্যন্তৰীণ হিচাপ পৰীক্ষক চাকিৰাম শইকীয়া আৰু লীলাকান্ত শৰ্মা , সঞ্চালক মণ্ডলীৰ সদস্যসকল। তাৰোপৰি সুলভ মূল্যৰ স্বতাধিকাৰীসকলক প্ৰমুখ্যে কৰি চাৰিখন পঞ্চায়তৰ অংশীদাৰ ৰাইজ উপস্থিত থাকে।

বাৰ্ষিক সাধাৰণ সভাৰ বিস্তৃত কাৰ্যসূচীৰ আৰম্ভণিতে বিগত বৰ্ষৰ সাধাৰণ সভাৰ কাৰ্য্যবিৱৰণী পাঠ আৰু সৰ্ব্বসন্মতিক্ৰমে গৃহীত হয় ৷ সঞ্চালক মণ্ডলীৰ হৈ সম্পাদকৰ বাৰ্ষিক কাৰ্য্যকৰী প্ৰতিবেদন পাঠ আৰু গ্ৰহণ, ২০২৩-২৪ বৰ্ষৰ সমিতিৰ বছৰেকীয়া হিচাপ দাখিল ও উদ্ধৃত পত্ৰ আলোচনা আৰু গ্ৰহণ কৰা হয় ৷

২০২৩-২৪ বৰ্ষৰ আভ্যন্তৰীণ হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ আৰু গ্ৰহণৰ পিচতে ২০২৩-২৪ বৰ্ষৰ বঢ়মপুৰ সমবায় সমিতিৰ সৰ্ব্বোচ্চ ঋণ গ্ৰহণৰ সীমা নিৰ্দ্ধাৰণ, বাজেট গ্ৰহণ, আৰু সমিতিৰ ২০২৩-২৪ বৰ্ষৰ আভ্যন্তৰীণ হিচাপ পৰীক্ষক নিয়োগ লগতে পাৰিতোষিক নিৰ্দ্ধাৰণ, উপবিধি গ্ৰহণ ও সংশোধনৰ বিয়য় আৰু সমিতিৰ কৰ্মচাৰীৰ সেৱা বিধি গ্ৰহণ সম্পৰ্কেও আলোচনা কৰা হয়। সভাত বঢ়মপুৰ সমবায় সমিতি লিমিটেডৰ প্ৰতিলিপি নগাঁও জিলা সমবায়সমূহৰ উপ- পঞ্জীয়কৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

Also Read: প্ৰচণ্ড গৰম : বিশ্বনাথৰ বিলত কুইন্টলে কুইন্টলে মাছৰ মৃত্যু

Barhampur Co-operative Society bahrampur