/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/e53afc77-895a-4462-9761-174e374e2bd8/AP_FOR_WEB_sangita.jpg)
ডিজিটেল ডেস্কঃ বৰ্তমান কাৰাগাৰতেই আছে চিকিৎসক দম্পতী বালিউল ইছলাম আৰু সংগীতা দত্ত। শিশুক শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগত দুয়ো দীৰ্ঘদিন ধৰি কাৰাগাৰতেই বন্দী হৈ আছে।
ইয়াৰ মাজতে ডাঃ সংগীতা দত্তৰ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আৰক্ষীক অনুমতি দিছে আদালতে। পকচো আদালতে এই অনুমতি প্ৰদান কৰিছে।
এতিয়া CCTV ফুটেজৰ কণ্ঠৰ সৈতে সংগীতাৰ কণ্ঠ ৰিজাই চাব আৰক্ষীয়ে। চিকিৎসক দম্পতীৰ ঘৰৰ পৰা জব্দ কৰা হৈছিল CCTVৰ ফুটেজ।
কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আবেদন কৰিছিল তদন্তকাৰী বিষয়াই। শুকুৰবাৰে আদালতে মঞ্জুৰ কৰে এই আবেদন। গোচৰটো সন্দৰ্ভত তদন্তকাৰী বিষয়াই দাখিল কৰিছে আন এখন পৰিপূৰক অভিযোগনামা । লগতে আৰক্ষীয়ে আদালতত দাখিল কৰে ফৰেনচিক পৰীক্ষাগাৰৰ প্রতিবেদন।
উল্লেখ্য যে, দুই শিশুক অবৈধভাৱে তুলি লৈছিল চিকিৎসক দম্পতীয়ে। তাৰপাছতে দুয়োকে চলাই গৈছিল নিৰ্যাতন। বৰ্তমান দুই শিশু শিশুগৃহত আছে। এতিয়াও সংগীতা-বালিউলৰ নাম ক'লে ভয় খাই দুয়োয়ে।
Also Read: প্ৰভাসে ৰাম মন্দিৰৰ বাবে দান কৰিছে ৫০ কোটি টকাঃ সঁচা নে মিছা