/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/24baf252-d169-40a1-8590-84c46058cb9c/245.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰ : খিলঞ্জীয়া নাগৰিকক ভূমি অধিকাৰ প্ৰদানৰ লক্ষ্যৰে চৰকাৰে হাতত লোৱা মিছন বসুন্ধৰাৰ সুবিধাৰ পৰা গোৰ্খা ৰাইজ বঞ্চিত হোৱাৰ অভিযোগ উঠিছে। পেন কাৰ্ড, ভোটাৰ আই ডি, আধাৰ কাৰ্ড, NRC আদি বিভাগে বিচৰা সকলো যাৱতীয় নথি পত্ৰ যোগানৰ পিছতো লাভ কৰা নাই ভূমিৰ পট্টা।
ইয়াকে লৈ জনগোষ্ঠীটোৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেওবাৰে চিলাপথাৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ (আগছুৰ) ধেমাজি জিলাৰ উদ্যোগত এক ৰাজহুৱা সভা অনুষ্ঠিত হয়। স্থানীয় গোৰ্খা ভৱনত অনুষ্ঠিত সভাখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি কেইবাশ লোকে ভাগ লয়।
ভূমিৰ অধিকাৰ বিচাৰি চৰকাৰী কাৰ্যালয়ৰ শৰণাপন্ন হ'বলৈ গৈ সন্মুখীন হোৱা গঞা ৰাইজে বহু তিক্ততাপূৰ্ণ অভিজ্ঞতাৰ ওপৰত বক্তব্য প্ৰকাশ কৰি গভীৰ ক্ষোভ প্ৰকাশ কৰে। ধেমাজি জিলাত মাটিৰ পট্টন লাভৰ পৰা প্ৰায় বঞ্চিত ৮০ শতাংশ গোৰ্খা ৰাইজ বঞ্চিত হোৱা বুলি অভিযোগ কৰে।
জিলাখনৰ দূৰ দূৰণিৰ পৰা কাৰ্যালয়লৈ তাতবাতি কৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা বুলি অনেকেই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। সমাগত নিৰ্বাচনৰ পূৰ্বে ভূমিৰ সমস্যা সমাধান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুমকি দিয়ে। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কৰ্যকৰণৰ বাবে গ্ৰহণ কৰে।
সংগঠনটোৰ ধেমাজি জিলাৰ সভাপতি চমৰাজ পুৰীয়ে উদেশ্য ব্যাখ্যা কৰা ৰাজহুৱা সভাখনত সংগঠনটোৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক দিলীপ খনাল,গোৰ্খা স্বায়ত্ব শাসিত পৰিষদ দাবী সমিতিৰ অধ্যক্ষ হাৰ্ক বাহাদুৰ চেত্ৰী,আগছুৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰিয়া সম্পাদক মোহন বিশ্বকৰ্মা, দিলীপ কুমাৰ লিম্বু, লোক বাহাদুৰ চেত্ৰী, মন বাহাদুৰ চেত্ৰী আদি সংগঠনটোৰ বহু জেষ্ঠ্য সমাজকৰ্মী,শিক্ষাবিদৰ লগতে সংগঠনটোৰ কৰ্মী- প্ৰাক্তন কৰ্মী ৰাইজৰ সৈতে উপস্থিত থাকে।
Also Read: হৰিনামৰ ধ্বনিৰে শংকৰ সংঘৰ অধিৱেশনৰ সামৰণি : ভাগৱত যাত্ৰাৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰা