পূৰ্ণাংগ বজালী জিলাৰ দাবীত পুনৰ প্ৰতিবাদ...

পূৰ্ণাংগ বজালী জিলাৰ দাবীত পুনৰ প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
পূৰ্ণাংগ বজালী জিলাৰ দাবীত পুনৰ প্ৰতিবাদ...

পূৰ্ণাংগ বজালী জিলাৰ দাবীত পুনৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ বজালীঃ ভবানীপুৰ আৰু সৰভোগ সমষ্টি সংযুক্ত কৰি পূৰ্ণাংগ বজালী জিলা ঘোষণা কৰিবলৈ শনিবাৰে পুনৰ অৱস্থান ধৰ্মঘটত বহিল বজালী জিলা সুৰক্ষা সমিতি । বজালীৰ ঐতিহাসিক গোপাল আঁতা সত্ৰৰ চৌহদত সুৰক্ষা সমিতিয়ে কৰিলে প্ৰতিবাদ l

Advertisment

অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ প্ৰধানীয়ে এই প্ৰতিবাদত ভাগ লৈ চৰকাৰক শীঘ্ৰেই ভবানীপুৰ আৰু সৰভোগ সমষ্টি সংযুক্ত কৰি পূৰ্ণাংগ বজালী জিলা ঘোষণা কৰিবলৈ দাবী জনোৱাৰ লগতে অনতিপলমে জিলাৰ কাম কাজ আৰম্ভ কৰিবলৈ চৰকাৰক আহবান জনায়।

উল্লেখ্য যে, বজালী জিলা সুৰক্ষা সমিতিৰ সকলোৱে জাতীয় সাজ-পাৰ পৰিধান কৰি আহি সত্ৰ চৌহদত উপস্থিত হৈ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই প্ৰতিবাদী কাৰ্য্যসূচীত সুৰক্ষা সমিতিৰ সতে জড়িত কেবাখনো সত্ৰৰ সত্ৰাধিকাৰ আৰু আৰু পৰিচালনা সমিতিৰ সভাপতি, সম্পাদকসকল উপস্থিত থাকে l

Also Read: ভেঁকুৰ ধৰা খেল পথাৰত বিশ্বকাপৰ মেচ ! ধৰ্মশালাক লৈ আৰম্ভ বিতৰ্ক...

বজালী