বৰহোলাৰ সেউজী কানন সাহিত্য সভাৰ "বৰ্ষাসিক্ত কবিতাৰ এসন্ধ্যা" শীৰ্ষক কাব্য অনুষ্ঠান...

বৰ্ষাসিক্ত মানেই কৃষকৰ সপোন, বৰ্ষাসিক্ত মানেই শাওণৰ পথাৰৰ বোকা মাটিৰ পৰশ, বৰ্ষা সিক্ত মানেই সৃষ্টিৰ কঠিয়াতলি।
কবিতা অনুষ্ঠান
কবিতা অনুষ্ঠান

ডিজিটেল সংবাদ বেকাজানঃ বৰ্ষাসিক্ত মানেই কৃষকৰ সপোন, বৰ্ষাসিক্ত মানেই শাওণৰ পথাৰৰ বোকা মাটিৰ পৰশ, বৰ্ষা সিক্ত মানেই সৃষ্টিৰ কঠিয়াতলি। বাৰিষাৰ বৰষুণৰ সৈতে কবিতাৰে জীপাল কৰা উদ্দেশ্যৰে কালি বৰহোলা সেউজী কানন শাখা সাহিত্য সভাৰ উদ্যোগত ৰজাবাহৰ সমাজসেৱক গোলাপ ভাগৱতী গৃহৰ বাকৰিত এক বিশেষ কবিতাৰ অনুষ্ঠান অনুষ্ঠিত হয়।

কবিতা অনুষ্ঠান
কবিতা অনুষ্ঠান

বৰহোলা সেউজী কানন শাখা সাহিত্য সভাৰ সভাপতি ৰূপা নেওগ হাজৰিকা সঞ্চালনাত কবি প্ৰয়াত সোণবাপ গগৈ আৰু কীৰ্তিনাথ বৰগোহাঁইৰ পবিত্ৰ স্মৃতিত "বৰ্ষাসিক্ত কবিতাৰ এসন্ধ্যা" অনুষ্ঠিত হয়। সভাত উদেশ্যে ব্যাখ্যা কৰে সম্পাদক যদুমণি চুতীয়াই।

সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বৰহোলা মহাবিদ্যালয় উপাধ্যক্ষ দিলীপ খাউণ্ড আৰু সেউজী কানন শাখা সাহিত্য সভাৰ উপ সভাপতি জয় চুতীয়াই। পুষ্পাঞ্জলি অৰ্পন কৰে শিশু বন্ধু জীৱ ফুকনে।

আনহাতে বৰ্ষাসিক্ত কবিতাৰে শীৰ্ষক কাব্য অনুষ্ঠানটি নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে কবি-সাহিত্যিক তথা বেকাজান জাতীয় বিদ্যালয় অধ্যক্ষ মন্টুচ কোঁৱৰ। তেওঁ আধুনিক কবিতাৰ ওপৰত এক মনোজ্ঞ ভাষণ আগবঢ়ায় । অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে যোৰহাট জিলা সাহিত্য সভাৰ উপ-সভাপতি মহেন্দ্ৰ নাথ হাজৰিকা, ৰূপালীৰ সাংস্কৃতিৰ সন্থাৰ সভাপতি তৰুণ গগৈ, শিশুবন্ধু বদন বৰা,পদ্মৰাম শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষক পংকজ খাটনীয়া আদিয়ে বক্তব্য আগবঢ়াই।

কবিতা অনুষ্ঠান
কবিতা অনুষ্ঠান

অনুষ্ঠানত সাংবাদিক পৰাগ ভাগৱতী, তীৰ্থ শইকীয়া, সমাজকৰ্মী প্ৰবীণ কুৰ্মী, দীপক ৰাজখোৱা,মুকুট কে চি ফুকন আৰু গোলাপ ভাগৱতী উপস্থিত থাকে। অনুষ্ঠান কবিতা পাঠ কৰে অমিয়া মাধুৰী হাতীবৰুৱা, কুঞ্জলতা গগৈ, প্ৰিয়ংকা ফুকন, হৰেন গগৈ,ৰবীন মহন্ত, দিপুল পাঠক, ধ্ৰুৱজিত পাঠক, তিলক চন্দ্ৰ বৰা, দীপাংকৰ বৰা, প্ৰাণজিত বৰকাকতি, যামিনী মোহন বৰুৱা, মৃণাল চি ফুকন, বিৰিঞ্চি শইকীয়া, ৰিচা ভাগৱতীয়ে।

কণমানি ঋষিতা শইকীয়া আৰু তৃনাশ্ৰী দাস নৃত্য প্ৰদশন কৰি অনুষ্ঠান অধিক জীপাল কৰি তোলে । শেষত শলাগৰ শৰাই আগবঢ়ায় সম্পাদক যদুমনি চুতীয়াই।

কবিতা অনুষ্ঠান
জালুকবাৰী দুৰ্ঘটনাঃ উপাংশু শৰ্মাৰ আকস্মিক মৃত্যুত নগাঁৱত শোক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in