জীৱনৰ বিয়লি বেলাত আত্মহত্যা বৃদ্ধাৰঃ ঘটনাক লৈ ৰহস্য...

জীৱনৰ বিয়লি বেলাত আত্মহত্যা বৃদ্ধাৰঃ ঘটনাক লৈ ৰহস্য...
জীৱনৰ বিয়লি বেলাত আত্মহত্যা বৃদ্ধাৰঃ ঘটনাক লৈ ৰহস্য...

ডিজিটেল সংবাদ বজালীঃ জীৱনৰ বিয়লি বেলাত এগৰাকী মহিলাই আত্মহত্যাৰ পথ বাচি ল'বলগীয়া হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ বজালীত সৃষ্টি হৈছে চাঞ্চল্য। উল্লেখ্য যে, বজালীৰ পাটাছাৰকুছি থানাৰ অন্তৰ্গত কোচদিগা গাঁৱৰ গুনেশ্বৰী কলিতা নামৰ এগৰাকী বৃদ্ধাই নিজা বাসভৱনতে দেহত কেৰাচিন ধালি অগ্নি সংযোগ কৰে। ফলত তেওঁৰ মৃত্যু হয়।

এই ঘটনাক কেন্দ্ৰ কৰি বজালীত চাঞ্চল্য সৃষ্টি হোৱাৰ সমান্তৰালকৈ শোকৰ ছাঁ পৰিছে। কিন্তু এইগৰাকী বৃদ্ধাই কিয় এইদৰে জীৱনৰ বিয়লী বেলাত আত্মহত্যাৰ পথ বাচি ল'লে সেই বিষয়ে কোনো স্পষ্ট কাৰণ পোহৰলৈ অহা নাই।

এই কাণ্ড সংঘটিত কৰাৰ পূৰ্বে স্থানীয় গাওঁবাসীৰ সৈতে ভালকৈয়ে কথা বতৰা পাতি থকা বৃদ্ধাগৰাকীয়ে নিশা কিয় এই কাণ্ড সংঘটিত কৰিলে তাক লৈ ৰহস্যৰো সৃষ্টি হৈছে। উল্লেখ্য যে, বৃদ্ধাগৰাকী পুত্ৰ কিশোৰ কলিতা আৰু বোৱাৰীৰ সৈতে পাটাছাৰকুছিত ভাড়াঘৰত আছিল যদিও সোমবাৰে স্বগৃহলৈ ঘূৰি আহিছিল।

দিনৰ ভাগত সকলো ঠিকেই আছিল যদিও নিশা এই ঘটনা সংঘটিত হয়। ইফালে পুৱাহে এই বিষয়ে স্থানীয় লোকে জানিব পাৰে। পুৱা গাওঁবাসীয়ে বৃদ্ধাগৰাকীৰ ঘৰৰ কাষেৰে অহা-যোৱা কৰাৰ সময়ত জুইৰ গোন্ধ পোৱাত ভালকৈ প্ৰত্যক্ষ কৰাত এই ঘটনা পোহৰলৈ আহে।

ইয়াৰ পাছতে স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত গাওঁ প্ৰধান আৰু স্থানীয় আৰক্ষীক অৱগত কৰে। স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰৱৰ্তী সময়ত অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। সমান্তৰালকৈ এই সমগ্ৰ ঘটনাৰ তদন্তও আৰম্ভ কৰিছে। আৰক্ষীৰ সঠিক তদন্ততহে ঘটনাৰ আঁৰৰ ৰহস্য উদঘাটন হ'ব।

জীৱনৰ বিয়লি বেলাত আত্মহত্যা বৃদ্ধাৰঃ ঘটনাক লৈ ৰহস্য...
অসম গ্ৰন্থমেলা বাকৰিত তিনিখন ভিন্নৰসৰ গ্ৰন্থ উন্মোচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in