ধেমাজিত অৰুণাচলৰ সুৰাৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে প্ৰতিবাদ...

পুত্তলিকা দাহ অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ
ধেমাজিত অৰুণাচলৰ সুৰাৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে প্ৰতিবাদ...
ধেমাজিত অৰুণাচলৰ সুৰাৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে প্ৰতিবাদ...
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজি:ধেমাজি জিলাখনৰ অলিয়ে -গলিয়ে অৰুণাচলৰ সুৰা অবাধ বেহাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাই শনিবাৰে ধেমাজি আৱকাৰী বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত বিভাগৰ প্ৰতিকৃতি দাহ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতি, টাই আহোম যুৱ পৰিষদ আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰায় ১০০ কৰ্মীয়ে ৷

প্ৰায় আধা ঘন্টা সময় ধৰি প্ৰতিবাদৰ অন্তত প্ৰতিবাদস্থলীতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷ধেমাজি জিলা জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই প্ৰতিবাদী সভাত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।

বক্তব্যত তেওঁ ধেমাজি জিলাখনৰ বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানত অবৈধভাৱে অৰুণাচলৰ পৰা অহা সুলভ সুৰাৰ বাবে জিলাখনত নৱপ্ৰজন্মই সুৰাৰ প্ৰতি সৰ্বাধিক আসক্তি হোৱা পৰিলক্ষিত হৈছে বুলি অভিযোগ কৰে ৷ ধেমাজি আৱকাৰী বিভাগে এনে অবৈধ চক্ৰটোৰ সৈতে জড়িত হোৱাৰ অভিযোগ তুলি আৱকাৰী বিভাগটোক তীক্ষ্ণ সমালোচনা কৰে ৷

নেতা গৰাকীয়ে জিলাখনত এই বিভাগটোৰ সৈতে এটা অবৈধ চক্ৰই গোপন সম্পৰ্ক ৰক্ষা কৰি অহাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ ইয়াৰ উপৰিও তেওঁ বক্তব্যত অভিযোগ কৰামতে জিলাখনত এটা চক্ৰই লালি গুৰু অবাধে বিক্ৰী কৰি আহিছে। এই লালি গুৰৰ বাবেই গাঁৱে- গাঁৱে ব্যাপকভাৱে চুলাই মদৰ ব্যৱসায় আৰু ৰমৰমীয়া হৈ উঠিছে ৷

অসম জাতীয়তাবাদী পৰিষদৰ নেতাই জানিবলৈ দিয়া মতে এই বিষয়লৈ জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সমিতিয়ে জিলা প্ৰশাসন আৰু আৱকাৰী বিভাগক যোৱা ১ আগষ্টতেই লিখিতভাৱে অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলিও অভিযোগ কৰে ৷

প্ৰতিবাদী সভাত টাই আহোম যুৱ পৰিষদৰ উপ-সভাপতি দিলীপ গগৈ আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰতন কছাৰীয়েও বক্তব্য ৰাখি আৱকাৰী বিভাগক এনে কাৰ্য্যৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহন কৰিবলৈ সকিয়াই দিয়ে ৷ অন্যথা আন্দোলনৰ কাৰ্য্যসূচী লোৱা হ'ব বুলিও হুংকাৰ দিয়ে ৷

ধেমাজিত অৰুণাচলৰ সুৰাৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে প্ৰতিবাদ...
ধেমাজি জন স্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছনৰ জল সেৱা বঁটা বিতৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in